আশ্চৰ্য! অসমৰ এক কেজি চাহৰ দাম ৯৯,৯৯৯ টকা

0
280

অসমত এক কিলোগ্ৰাম চাহপাতৰ দাম কিমান হ’ব পাৰে আপুনি অনুমান কৰিব পাৰ ৷ খুব বেছি এহেজাৰ টকা৷ কিন্তু আপুনি শুনি হয়তো আচৰিত হ’ব যে আজিৰ তাৰিখত অসমত উৎপাদিত এক কেজি চাহপাতৰ দাম হৈছে ৯৯,৯৯৯ টকা৷ অসমত চাহৰ উৎকৃষ্ট মান আৰু গুণাগুণৰ ফলত ইয়াত উৎপাদিত চাহে অভিলেখৰ সৃষ্টি কৰিলে৷ চাবুৱাৰ ডিকমৰ গ’ল্ড টীয়ে সৃষ্টি কৰিলে এই অভিলেখৰ৷ গুৱাহাটীস্থিত চাহ নিলাম কেন্দ্ৰত ডিকম চাহ বাগিচাত উৎপাদিত গ’ল্ড টীৰ প্ৰতি কেজিত নিলাম দৰ হয় ৯৯,৯৯৯ টকা৷ উল্লেখ্য যে এই বছৰ এইবিধ চাহৰ উৎপাদন আছিল মাত্ৰ এক কিলোগ্ৰামেই৷ যোৱা ১৪ ফেব্ৰুৱাৰীত গুৱাহাটীস্থিত চাহ নিলাম কেন্দ্ৰত অনুষ্ঠিত চেল নং ০৭ত গ’ল্ড টী প্ৰতিকিলোত ৯৯,৯৯৯ টকাত বিক্ৰী হৈ নিজৰেই পূৰ্বৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে গুণগত মানসম্পন্ন বিশেষ চাহৰ বাবে গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰই বিশ্বৰ এক গুৰুত্বপূৰ্ণ নিলাম কেন্দ্ৰত পৰিণত হৈছে আৰু চাহ বিক্ৰেতাসকলক উচিত উৎপাদন মূল্যত চাহ বিক্ৰী কৰিবৰ বাবে এক সুযোগ প্ৰদান কৰি আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here