আম অকল সুস্বাদুইনে ? জানক ইয়াৰ উপকাৰিতা

0
250

আম এবিধ অতি সুস্বাদু ফল৷ গ্ৰীষ্মকালত পোৱা ফলসমূহৰ ভিতৰত আম সকলোতকৈ আকৰ্ষণীয় আৰু এবিধ পুষ্টিকৰ ফল৷ আমত প্ৰচুৰ পৰিমাণে ভিটামিন-এ আৰু ভিটামিন-চি পোৱা যায়৷ ইয়াৰ উপৰি কেলচিয়াম, ফচফৰাছ, ছডিয়াম, পটাচিয়াম, কপাৰ, মেগনেচিয়াম, ক্লৰিন আদিৰে আম ভৰপূৰ৷ আাৰ স্বাস্থ্যৰ কাৰণে আম অতি উপকাৰী৷ বিভিন্ন পুষ্টিগুণেৰে সমৃদ্ধ আম খালে কি লাভ হয় জানো আহক৷
আমত যথেষ্ট পৰিমাণৰ ভিটামিন-চি পোৱা যায়, যি ছালৰ বাবে অত্যন্ত কাৰ্যকৰী৷ ছালৰ বিভিন্ন ৰোগ তথা সমস্যাৰ বাবে আম খোৱাটো জৰুৰী৷
পকা আমে হৃদযন্ত্ৰ সুস্থ আৰু সবল কৰি ৰখাত সহায় কৰে৷ আনহাতে পকা আমে বীৰ্যবৰ্ধনতো সহায় কৰে৷
উচ্চ ৰক্তচাপৰ কাৰণে আমৰ ৰস যথেষ্ট উপকাৰী৷
দেহৰ বল বৃদ্ধি তথা শৰীৰৰ গঠনত আমে ধনাত্মক ভূমিকা গ্ৰহণ কৰে৷
প্ৰতিদিনে ২০০ গ্ৰামকৈ আম খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি হোৱাৰ উপৰি চকুৰ বিভিন্ন সমস্যা সমাধানত অৰিহণা যোগায়৷
গৰ্ভৱতী মহিলাৰ বাবে আম যথেষ্ট উপকাৰী৷ আমে শৰীৰ সু্‌স্থ কৰি ৰখাত সহায় কৰে৷
ৰাতি আমৰ ৰসৰ সৈতে গাখীৰৰ মিহলাই খালে টোপনি ভাল হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here