আব্দুলৰাজাক গুৰনাহলৈ সাহিত্যৰ নোবেল (Nobel Prize in literature to Abdulrajak Gurnah)

0
995
টাঞ্জানিয়াৰ লেখক আব্দুলৰাজাক গুৰনাহলৈ এই বছৰৰ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছে৷ স্থানচ্যুত ব্যক্তিসকলৰ ওপৰত ঔপনিৱেশিকতাবাদৰ প্ৰভাৱৰ বিষয়ে সৃষ্টি কৰা সাহিত্য কৰ্মৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে৷ আজি ছুইডিছ অকাদেমিয়ে কয় যে সংস্কৃতি আৰু মহাদেশসমূহৰ মাজৰ বিৰাট পাৰ্থক্যৰ মাজত শৰণাৰ্থীসকলৰ ভাগ্য আৰু তেওঁলোকৰ ওপৰত ঔপনিৱেশিকতাবাদৰ প্ৰভাৱ খুটি-নাটি মাৰি দাঙি ধৰাৰ স্বীকৃতি স্বৰূপে গুৰনাহলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছে৷ ১৯৪৮ চনত জাঞ্জিবাৰত জন্মগ্ৰহণ কৰা আৰু বৰ্তমান ইংলেণ্ডৰ বাসিন্দা গুৰনাহ কেণ্ট বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক৷ তেওঁ ১০খন উপন্যাস ৰচনা কৰিছে আৰু ‘পেৰাডাইজ’ নামৰ উপন্যাসখন ১৯৯৪ চনত বুকাৰ  প্ৰাইজৰ ‘শ্বৰ্টলিষ্ট’ত অন্তৰ্ভুক্ত হৈছিল৷ সাহিত্যৰ নোবেল বঁটা সমিতিৰ সভাপতি এণ্ডাৰ্ছ ওলছনে তেওঁক ‘সাম্ৰাজ্যবাদী শাসনৰ পাছৰ কালৰ বিশ্বৰ অন্যতম বিশিষ্ট লেখক’ বুলি অভিহিত কৰে৷ নোবেল বঁটাত আছে এটা সোণৰ পদক আৰু ১.১৪ মিলিয়ন ডলাৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here