আপোনাৰো নখ সোনকালে ভাঙি যায় নেকি ?

0
371

প্ৰত্যেক মহিলাই নখ দীঘল কৰি ভাল পায়৷ দীঘল নখে হাতৰ আঙুলিৰ শোভা বৰ্ধন কৰে৷ যেতিয়া সেই নখত বিভিন্ন ধৰণৰ নেইল পেইণ্ট কৰা হয়, তেতিয়া তাৰ সৌন্দৰ্য দুগুণ বৃদ্ধি পায়৷ কিন্তু তাৰে ভিতৰত কিছুমান এনেকুৱা মহিলাও আছে, যাৰ নখ ভাঙি যায়, বহুত কম জোৰ হয়, নখ খহটা আৰু বগা পৰি থকা ধৰণৰ হয়৷

অনৱৰতে পানীৰ সংস্পৰ্শত থকা কাম কৰিলে বা ঘনাই হাত ধুলেও নখবোৰ শুকান হৈ দুৰ্বল হ’বলৈ ধৰে৷ বেছিকৈ নেইল পলিচ, ৰিমোভাৰ ব্যৱহাৰ কৰিলেও নখ ভঙাৰ সমস্যাই দেখা দিয়ে৷ আপুনি যদি বিচাৰিছে নখ মজবুত হোৱাটো, তেন্তে এটা উপায় মানিব পাৰে৷

ইয়াৰ বাবে আপোনাক লাগিব তিয়ঁহৰ ৰস৷ তিয়ঁহত ভিটামিন-এ, ভিটামিন-ই, ভিটামিন-বিৰ, ভিটামিন-বি২ আৰু ভিটামিন-চি থকাৰ উপৰি কেলচিয়াম আৰু আইৰন পোৱা যায়৷ যিয়ে এই সমস্যা ৰোধ কৰিব পাৰে৷

তিয়ঁহৰ ৰসত কেইমিনিটমান নখ ভিজাই থ’লে আপুনি নখ ভাঙি যোৱাৰ সমস্যাৰ পৰা ৰক্ষা পাব পাৰে৷ ইয়াৰ লগতে দুচামুচ নাৰিকল তেল গৰম কৰি হাতৰ আঙুলিৰে নখত মাচাজ কৰক৷ ই নখ মজবুত কৰাৰ লগতে তেজ সৰবৰাহ সুচল কৰাতো সহায় কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here