আদিম মানৱে প্ৰথমে গছৰওপৰতহে খোজ কাঢ়িছিল

0
259

আদিম মানৱে প্ৰথমে ক’ত, কিদৰে খোজ কাঢ়িবলৈ শিকিলে এই লৈ বিভিন্ন গৱেষণা তথা অধ্যয়ন প্ৰকাশ পাইছে৷ ক্ৰমবিকাশক ফলত মানৱ জাতিয়ে প্ৰথমে মাটিত খোজ কাঢ়িছিল বুলি চলি থকা ধাৰণাক নস্যাৎ কৰিছে শেহতীয়াভাৱে প্ৰকাশিত এক গৱেষণাই৷ দীৰ্ঘকাল ধৰি চলি অহা বিশ্বাস অনসুৰি মানুহে উলম্বভাৱে মাটিত খোজ কাঢ়িছিল বুলি মনা ধাৰণাটোক লৈ নতুনকৈ গৱেষণা আৰম্ভ কৰিছিল৷ গৱেষণাৰ অন্তত গৱেষকৰ দলে পোৱা মতে আদিম মানৱে প্ৰথমে গছৰ ওপৰতহে উলম্বভাৱে খোজ কাঢ়িছিল৷ কেণ্ট বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে চলোৱা গৱেষণাৰ প্ৰতিবেদন জাৰ্নেল ছায়েন্স এডভান্সত প্ৰকাশ পাইছে৷ প্ৰকাশিত তথ্য মতে আমাৰ আদিম পুৰুষে ভৰি দুখনেৰে প্ৰথমতে গছত খোজ কাঢ়িবলৈ লৈছিল৷ তাৰ পৰৱৰ্তী পৰ্যায়ত নিযুত নিযুত বছৰ পূৰ্বে গভীৰ অৰণ্য ধবংস হোৱাৰ সমান্তৰালকৈ ভূমি অঞ্চল বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মানৱে জাতিয়ে খাদ্যৰ সন্ধান কৰাৰ উদ্দেশ্যে মাটিত খোজ কাঢ়িবলৈ আৰম্ভ কৰে৷ উল্লেখ্য যে  কেণ্ট বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে তাঞ্জানিয়াৰ ইছাত কেইবামাহো ধৰি ছাভান্না চিম্পাঞ্জীৰ ওপৰত চলোৱা অধ্যয়নৰ অন্তত আদিম মানৱে প্ৰথমে প্ৰথমে মাটিত খোজ কঢ়াৰ ধাৰণাটো সঠিক নহয় বুলি মানি লোৱা হয়৷ গৱেষকৰ দলটোৱে কৰা অধ্যয়নত আদিম মানৱে গছৰ ওপৰতেহে প্ৰথমে খোজ কঢ়াটো সুনিশ্চিত কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here