আঠখন ৰাজ্যত ৭০%তকৈ অধিক লোকৰ এণ্টিবডী: ICMR

0
1276
দেশৰ আঠখন ৰাজ্যৰ ৭০%তকৈ অধিক লোকৰ শৰীৰত কৰ’নাৰ এণ্টিবডী পোৱা গৈছে৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ ICMR-এ চলোৱা ছিৰ’ ছাৰ্ভেৰ পৰা এই কথা প্ৰকাশ পাইছে৷ এই অধ্যয়নটো দেশৰ ২১খন ৰাজ্যত কৰা হৈছিল৷ ইয়াত পোৱা তথ্য মতে মধ্য প্ৰদেশৰ ৭৯% লোকৰ শৰীৰত এণ্টিবডী পোৱা গৈছে৷ আনহাতে মাত্ৰ ৪৪.৪% এণ্টিবডীৰ সৈতে কেৰালাই একেবাৰে শেষত স্থান পাইছে৷ উল্লেখ্য যে বৰ্তমান কেৰালাতে দেশৰ ভিতৰত দৈনিক সৰ্বাধিক সংখ্যক লোকৰ সংক্ৰমণ হৈ আছে৷ ICMR-এ ১৪ জুনৰ পৰা ১৬ জুলাইৰ ভিতৰত এই অধ্যয়নটো চলাইছিল৷ ICMR-ৰ ছিৰ’ ছাৰ্ভেৰ প্ৰতিবেদনত প্ৰকাশ পোৱাৰ পাছত ৰাজ্যসমূহক নিজাববীয়াকৈ ছিৰ’প্ৰিভিলেন্স ষ্টাডী কৰাবলৈ স্বাস্থ্য মন্ত্ৰ্যালয়ে পৰামৰ্শ দিছে৷  এই অধ্যয়নৰ প্ৰতিবেদনক কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধত ব্যৱহাৰ কৰিব পৰা যায় বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ে কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here