আজি বছৰটোৰ অন্তিমটো সূৰ্য গ্ৰহণ || Year’s last solar eclipse today

0
1446

২০২১ বৰ্ষৰ আজি অন্তিমটো সূৰ্য গ্ৰহণ৷ কিছু সময়ৰ পাছতে হ’ব বছৰটোৰ অন্তিমটো সূৰ্যগ্ৰহণ৷ এই সূৰ্যগ্ৰহণৰ সাক্ষী হৈ ৰ’ব বিশ্ববাসী৷ ভাৰতীয় সময়মতে সূৰ্যগ্ৰহণ পুৱা ১০ বাজি ৫৯ মিনিটত আৰম্ভ হৈ দুপৰীয়া ৩ বাজি ৭ মিনিটত অন্ত পৰিব৷ এণ্টাৰ্কটিকা, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আমেৰিকাত দেখা যাব এই সূৰ্য গ্ৰহণ৷ অৱশ্যে এই সূৰ্যগ্ৰহণ দেখাৰ সৌভাগ্য নহ’ব ভাৰতবাসীৰ৷ Timeanddate.com অনলাইন লাইভ ষ্টীম লিংকৰ জৰিয়তে দেশবাসীয়ে প্ৰত্যক্ষ কৰিব পাৰিব এই মহাজাগতিক পৰিঘটনা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here