আচৰিত! ফুলা চকুৰ বাবে লওক চামুচ || Strange! Use a spoon for swollen eyes

0
450

পুৱা শুই উঠিয়েই নিজকে আইনাত চাই যদি আপুনি দেখে যে আপোনাৰ চকুৰ তলখিনি ফুলি উঠিছে, তেন্তে নিশ্চয় আপোনাৰ মনটো বেয়া লাগিব৷ এই চকুৰ তল ফুলা সমস্যাটো বিভিন্ন কাৰণত হ’ব পাৰে৷ অনিয়মীয়া টোপনি, অত্যধিক কন্দা, বয়স বৃদ্ধি, বেছিকৈ নিমখ খোৱা, বহু সময় ধৰি কম্পিউটাৰত কাম কৰা নাইবা যদি আপোনাৰ থায়ৰয়েড আছে বা এলাৰ্জিৰ কাৰণেও চকুৰ তল ফুলিব পাৰে৷ ইয়াৰ সমাধানৰ বিভিন্ন উপায় আছে যদিও আপুনি ঘৰতে উপলব্ধ এটা সহজ উপায় মানিব পাৰে৷ সেয়া হৈছে ঠাণ্ডা চামুচ৷

Why are my Eyes Puffy? - Golden Eye Optometry

আচৰিত যেন লাগিলেও এয়াই সত্য৷ ঠাণ্ডা চামুচে চকুৰ চাৰিওফালৰ ৰক্তবাহিকাক আৰাম প্ৰদান কৰি চকুৰ তল ফুলা সমস্যা নিৰাময় কৰিব পাৰে৷ ইয়াৰ বাবে আপুনি দুখন চামুচ ফ্ৰীজত আধা ঘণ্টামানৰ কাৰণে থৈ দিয়ক৷ আধা ঘণ্টামান পাছত চকুৰ তলত ১০ মিনিটৰ বাবে চামুচ দুখনৰ ঠাণ্ডা চাপ দিয়ক৷ এনেদৰে কৰিলে চকুৰ তল ফুলা সমস্যা লগে লগে নিৰাময় হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here