আগন্তুক সকলো পূজাক লৈ চৰকাৰৰ নতুন SOP (Govt’s new SOP for all forthcoming puja celebrations)

0
1328
শাৰদীয় দুৰ্গা পূজাৰ লগতে কালী পূজা, দীপাৱলীলৈকে সকলো পূজাৰ SOP জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ যোৱা ১৫ ছেপ্টেম্বৰৰ সন্ধিয়া নতুন ক’ভিড সম্বন্ধীয় SOP জাৰি কৰি স্বাস্থ্য মন্ত্ৰীজনে কয় যে আগন্তুক উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে কেতবোৰ জৰুৰী সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷ তেওঁ কয় যে দুৰ্গা পূজা, কালী পূজা আদিৰ বাবে জিলা প্ৰশাসনৰ পৰা পূজা সমিতিসমূহে আগতীয়াকৈ অনুমতি লোৱাৰ লগতে সম্পূৰ্ণ কভিড বিধি পালন কৰি আয়োজন কৰিব পাৰিব৷ প্ৰত্যেক জিলা প্ৰশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দুৰ্গা পূজা পালন কৰি অহা পূজা সমিতিৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি পূজা সম্পৰ্কীয় ক’ভিড প্ৰট’কলৰ বিষয়ে অৱগত কৰিব৷ আনহাতে এইবাৰ জিলাৰ উপায়ুক্তক অনুমতিৰ বাবে আৱেদন কৰাৰ সময়তে সমিতিৰ প্ৰতিজন সদস্যই ক’ভিড ভেক্‌চিন লোৱাৰ চাৰ্টিফিকেট আৱেদনৰ সৈতে গাঁঠি দিব লাগিব৷ দুয়োপালি ভেক্‌চিন লোৱাসকলক অগ্ৰাধিকাৰ দিয়া হ’ব যদিও এপালি ভেক্‌চিন লোৱাসকলেও আৱেদন কৰিব পাৰিব৷ আনহাতে আয়োজক সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীৰ লগতে ভক্ত-দৰ্শনাৰ্থীসকলে কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা হ’ব লাগিব৷ এপালিও প্ৰতিষেধক নোলোৱা কোনো লোকেই পূজা মণ্ডপত প্ৰৱেশ কৰিব নোৱাৰিব৷ কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে পূজা দৰ্শনৰ বাবে আহিব পাৰিব৷ অৱশ্যে ১৮ বছৰৰ তলৰসকলৰ ক্ষেত্ৰত ৰেহাই থাকিব৷ একেদৰে দশমীৰ দিনা প্ৰতিমা বিসৰ্জনৰ পাছত বা একাদশীৰ দিনাও তেওঁলোক প্ৰত্যেকেই পুনৰ ক’ভিড পৰীক্ষা কৰাব লাগিব বুলি স্বাস্থ্য মন্ত্ৰীজনে ঘোষণা কৰে৷ ইফালে এইবাৰ পূজাত মেলামুখী দোকান-পোহাৰ আৰু সাংস্কৃতিক কাৰ্যসূচী কঠোৰভাৱে নিষেধ কৰাৰ কথা ঘোষণা কৰে৷ আয়োজক সমিতি বা আন কোনেও পূজাস্থলীৰ বাহিৰত বা সমীপত কোনো মেলা আদি পাতিব নোৱাৰিব৷ ইফালে পূজাস্থলী যথেষ্ট আহল-বহল হ’ব লাগিব আৰু কেউফালৰ পৰা মুকলিমূৰীয়াকৈ ৰাখিব লাগিব৷ যিকোনো দুগৰাকী দৰ্শনাৰ্থীৰ মাজত ন্যূনতম শাৰীৰিক ব্যৱধানৰ ক’ভিড বিধি অনুসৰণ কৰিব পৰাকৈ যথেষ্ট ঠাই থাকিব লাগিব৷ পূজামণ্ডপত প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব৷ আনহাতে দৰ্শনাৰ্থীসকলৰ বাবে প্ৰৱেশ পথতে মাস্ক, ছেনিটাইজাৰ আদি পৰ্যাপ্ত পৰিমাণে থকাটোও বাধ্যতামূলক কৰা হৈছে৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা সান্ধ্য আইনৰ সময়ৰ পূৰ্বেই পূজা সামৰিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here