আঁৰৰ ৰহস্য কি ? ঔৰসজাত সন্তানক বিক্ৰীৰ বাবে দৰ-দাম

0
287

ৰাজ্য চৰকাৰৰ শাসনৰ আমোলতে দিনক দিনে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰি তুলিছে সৰ্বসাধাৰণ জনতাক৷ মূলতঃ ৰাজ্যখনত নিত্য ব্যৱহৃত বয়-বস্তু, শাক-পাচলিৰ পৰা ইন্ধনজাত সামগ্ৰীলৈকে অত্যধিক মূল্যবৃদ্ধিয়ে সাধাৰণ দৰিদ্ৰ ৰাইজক জীয়াই থাকিবলৈ এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ 
কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ থানা ৰ’ডত এগৰাকী বড়ো সম্প্ৰদায়ৰ দুৰ্ভগীয়া দৰিদ্ৰপীড়িত মাতৃয়ে দৰিদ্ৰতাৰ বোজা সহিব নোৱৰাৰ দৰে হৃদয়বিদাৰক দৃশ্যই সকলোকে ভবাই তুলিছে৷ খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বোজা সহিব নোৱাৰি অসহায় মাতৃগৰাকীয়ে একমাত্ৰ দৰিদ্ৰতাৰ বোজাৰ বাৱেই নিজৰ এমা-ডিমা তিনিটা সন্তানক বজাৰত মুকলিকৈ বিক্ৰীৰ বাবে আনি দৰ-দাম পৰ্যন্ত কৰিছে৷ 
হয়তো এনে ঘটনা বিশ্বতে বিৰল৷ কোকৰাঝাৰ চহৰত যোৱা ৬ মে’ত দিন দুপৰতে সংঘটিত হৈছিল এই আজৱ ঘটনা৷ বড়ো সম্প্ৰদায়ৰ ছটা সন্তানৰ মাতৃগৰাকীয়ে দৰিদ্ৰতাৰ বোজা সহিব নোৱাৰি বজাৰত শাক-পাচলিৰ দৰে বিক্ৰীৰ বাবে আনিছিল তিনিটা সন্তান৷ সন্তানকেইটা তিনিৰ পৰা ছয় বছৰীয়া৷
পাছত মাতৃগৰাকীৰ লগতে সন্তানসকলক কোকৰাঝাৰ বজাৰৰ পৰা উদ্ধাৰ কৰি স্থানীয় চাইল্ড লাইনক চমজাই দিয়া হয় তদন্তৰ বাবে৷ অবশ্যে তদন্তৰ প্ৰতিবেদন এতিয়াও পোহৰলৈ অহা নাই৷ যাৰ বাবে প্ৰকৃত কাৰণ এতিয়াও অন্ধকাৰত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here