অসম সম্পূৰ্ণৰূপে ক’ভিড বিধি প্ৰত্যাহাৰ কৰা প্ৰথমখন ৰাজ্য

0
322

যোৱা বছৰৰ এপ্ৰিল মাহৰ পৰা ৰাজ্যত ক’ভিডৰ বাবে নিষেধাজ্ঞা জাৰি কৰাত ৰাজ্যত প্ৰায় এটা বছৰে ব্যাহত হৈ পৰা স্বাভাৱিক জীৱন-যাত্ৰা যোৱা ১৫ ফেব্ৰুৱাৰীৰ পুনৰ স্বাভাৱিক হৈ পৰিছে৷ সাৱধানতামূলক ব্যৱস্থাৰ বাহিৰে ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত ক’ভিডৰ কোনো নিষেধাজ্ঞা নাথাকিব৷ আনহাতে চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে শেহতীয়া ক’ভিড পৰিস্থিতিৰ মাজত ক’ভিড বিধি প্ৰত্যাহাৰ কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ’ল অসম৷ লক্ষণীয় যে ক’ভিডৰ তৃতীয় ঢৌৰ প্ৰভাৱ অসমত যথেষ্ট পলমকৈ আৰম্ভ হোৱাৰ লগতে অতি ক্ষিপ্ৰতাৰে নিয়ন্ত্ৰণলৈয়ো আহে৷ তাৰেই পৰিপ্ৰেক্ষিতত ১৫ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাৰ পৰা ৰাজ্যত থকা ক’ভিডৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাত স্বাভাৱিক জীৱন-যাত্ৰা আৰম্ভ হৈছে৷ ৰাজ্য চৰকাৰে নতুন এছ অ’ পি জাৰি কৰি পূৰ্বৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলেও দুয়োপালি ভেক্‌চিন নোলোৱা লোকসকলৰ বিৰুদ্ধে অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ সেই অনুসৰি সভা-সমিতি, চিনেমা হল, থিয়েটাৰ, বজাৰ, সামাজিক-ধৰ্মীয় অনুষ্ঠান আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো বাধা নাথাকিলেও  দুয়োপালি ভেক্‌চিন নোলোৱা লোকসকলে কোনো স্থানতে প্ৰৱেশ কৰিব নোৱাৰিব৷ এক কথাত, ৰাজহুৱা স্থানলৈ ওলাবলৈ হ’লে দুয়োপালি ক’ভিড ভেক্‌চিন লোৱাটো বাধ্যতামূলক কৰা হৈছে৷ কিন্তু ভেক্‌চিন নোলোৱা লোকৰ ক্ষেত্ৰত কঠোৰ আইনী ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিছে চৰকাৰে৷ আনহাতে অন্য বাধা নিষেধ নাথাকিলেও সকলোৱে মাস্ক পৰিধান কৰিব লাগিব, ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব আৰু দুয়োপালি ভেক্‌চিন ল’ব লাগিব৷ লক্ষণীয় যে দোকান-পোহাৰ, বাণিজ্যিক প্ৰতিষ্ঠান ব্যৱসায়ীসকলে নিজ ইচ্ছামতে বন্ধ কৰা দেখা যায়৷ ইফালে ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো পুনৰ স্বাভাৱিকভাৱে আৰম্ভ হয়৷ আনহাতে স্বাস্থ্য বিভাগে এক জাননী জাৰি কৰি ৰে’ল ষ্টেচন, বিমান বন্দৰ, সীমান্ত চকী, বাছ আস্থান আদিত বাধ্যতামূলক হৈ থকা ক’ভিড পৰীক্ষাও কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰা হৈছে৷ ইয়াৰ উপৰি চিকিৎসালয়লৈ যোৱা ৰোগী আৰু অভিভাৱকৰ ক্ষেত্ৰতো ক’ভিড পৰীক্ষা  বাতিল কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here