অসম ধানৰ সঁচ উৎপাদনত স্বাৱলম্বী হোৱাৰ দিশত

0
298

ৰাজ্য চৰকাৰে ধানৰ সঁচ উৎপাদনত জড়িত হ’বলৈ বিচৰা কৃষকসকলৰ নাম পঞ্জীয়নকে ধৰি আনুষংগিক কাম-কাজ বিনামূলীয়া কৰাৰ পাছতেই সঁচ উৎপাদনৰ প্ৰতি আকৰ্ষিত হৈছে বিভিন্ন প্ৰান্তৰ কৃষক৷ পূৰ্বতে কৃষকসকলে বাণিজ্যিক ভিত্তিত ধানৰ সঁচ উৎপাদন কৰিবলৈ বিচাৰিলেও আৰ্থিক অনাটনৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল৷ 
পূবৰ্তে বাণিজ্যিক ভিত্তিত সঁচ উৎপাদন কৰা প্ৰতি হেক্টৰ ভূমিৰ বাবত কৃষকে প্ৰায় ১৮০০ টকা ভৰিব লাগিছিল৷ সঁচ উৎপাদন কৰা ভূমি এক হেক্টৰতকৈ অধিক হ’লে চৰকাৰক আদায় দিব লগা মাচুল আৰু অধিক বৃদ্ধি পাইছিল৷ যাৰ বাবে বাণিজ্যিক ভিত্তিত ধানৰ সঁচ উৎপাদন কৰিবলৈ ৰাজ্যৰ কৃষকসকল আগ্ৰহী হোৱা নাছিল৷ কিন্তু এতিয়া এই ধাৰা সলনি হৈছে৷ 
বৰ্তমানৰ চৰকাৰে কৃষকসকলৰ স্বাৰ্থৰ কথা চিন্তা কৰি পঞ্জীয়ন মাচুল, বীজ প্ৰামাণিকৰণ মাচুলকে ধৰি সঁচ উৎপাদনৰ বাবে চৰকাৰক আদায় দিবলগীয়া সকলো ধৰণৰ মাচুল বিনামূলীয়া কৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত দেশৰ সঁচ উৎপাদনকাৰী ৰাজ্যসমূহৰ দৰে অসমৰ কৃষকো সঁচ উৎপাদনত জড়িত হোৱা আৰম্ভ কৰিছে৷ 
জানিব পৰা মতে শেহতীয়াকৈ ৰাজ্যখনত প্ৰায় ৮,৮৪০ হেক্টৰ কৃষিভূমিত কেৱল শালিধানৰ সঁচ উৎপাদন কৰা হৈছে৷ আগন্তুক কালটোত শালি ধানৰ সঁচ উৎপাদন কৰা কৃষিভূমি আৰু বৃদ্ধি হ’ব৷ কাৰণ সঁচ উৎপাদনৰ বাবে কৃষকৰ পঞ্জীয়নৰ সংখ্যা আৰু বৃদ্ধি পাইছে৷ যিহেতু সঁচ হিচাপে উৎপাদন কৰা ধানৰ দাম প্ৰায় দুগুণ, সেয়ে সঁচ উৎপাদনৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে৷ 
স্থানীয় কৃষক, কৃষি, অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা কেন্দ্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু অসম বীজ নিগমৰ নিজাববীয়া ১২খন পামৰ পৰা উৎপাদন কৰা সঁচ এইবাৰ কৃষকৰ মাজত বিতৰণ কৰা হ’ব৷ উল্লেখ্য যে দেশৰ ভিতৰতেই তেলেংগানাই সৰ্বাধিক পৰিমাণৰ ধানৰ সঁচ উৎপাদন কৰে৷ 
এতিয়া অসমেও ধানৰ সঁচ উৎপাদনত স্বাৱলম্বী হোৱাৰ দিশত আগবাঢ়িছে৷ সঁচ উৎপাদনৰ ক্ষেত্ৰত থকা জটিলতা চৰকাৰে দূৰ কৰাৰ পৰিপ্ৰেক্ষিতত কৃষকসকলৰ আগ্ৰহ বৃদ্ধি পাইছে৷ স্থানীয়ভাৱে ধানৰ সঁচৰ উৎপাদন বৃদ্ধি পোৱাত এতিয়া সেই সঁচৰ পৰা পতান ওলোৱাৰ প্ৰৱণতা হ্ৰাস পাব বুলি কৃষি বিভাগে আশা প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here