অসম চাইবাৰ অপৰাধৰ হট্‌স্পট হৈ পৰিছে : ডি জি পি

0
302

চাইবাৰ অপৰাধৰ ক্ষেত্ৰত অসম হট্‌স্পট হৈ পৰিছে৷ ৰাজ্যখনত বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও চাইবাৰ অপৰাধৰ ভুক্তভোগী হৈ পৰিছে৷ এই স্পৰ্শকাতৰ কথা ব্যক্ত কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই৷ 
ৰবীন্দ্ৰ ভৱনত চাইবাৰ অপৰাধ বিষয়ক এক সজাগতামূলক সভাত অংশগ্ৰহণ কৰি আৰক্ষী সঞ্চালকপ্ৰধানজনে ৰাজ্যবাসীক এই বিষয়ত সতৰ্ক হ’বলৈ আহবান জনায়৷ তেওঁ সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ সময়ত যুৱ প্ৰজন্মক সাৱধান হ’বলৈ আহবান জনায়৷ তেওঁ কয় যে সামাজিক মাধ্যমত শিকিবলগীয়া বহু কথা আছে৷ 
কিন্তু তাৰ মাজতে সামান্য ভুল কৰিলেই বিপদত পৰাৰ আশংকা দিনে দিনে বৃদ্ধি পাইছে৷ আনহাতে অসম আৰক্ষীত নতুনকৈ নিযুক্তি লাভ কৰা বিষয়া-জোৱানসকলৰ সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ওপৰত আৰক্ষীৰ চাইবাৰ চেলে তীক্ষ্ণ দৃষ্টি ৰাখিব বুলিও প্ৰকাশ কৰে ডি জি পি মহন্তই৷ 
আৰক্ষীৰ লোকসকলো সজাগ হ’ব লাগিব বুলিও উল্লেখ কৰি তেওঁ সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত আৰক্ষীৰ লোকসকলক প্ৰশিক্ষণ দিয়াৰ পোষকতা কৰে৷ আনহাতে অসম আৰক্ষীৰ মুৰব্বীজনে ছেবাৰ পাঠ্যক্ৰমত চাইবাৰ অপৰাধৰ বিষয় সংযোজন কৰাৰ পোষকতাও কৰে৷ আৰক্ষীৰ তৰফৰ পৰা এই প্ৰস্তাৱেৰে ছেবালৈ পত্ৰ প্ৰেৰণ কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে৷
তেওঁ কয় যে চাইবাৰ অপৰাধ বিভিন্ন প্ৰকাৰৰ আছে৷ সম্প্ৰতি অসম চাইবাৰ অপৰাধৰ হটস্পট হৈ আছে৷ বিত্তীয় দিশত সৰ্বাধিক চাইবাৰ অপৰাধ অসমত সংঘটিত হোৱা বুলিও তেওঁ সদৰী কৰে৷ এই অপৰাধৰ পৰা অসমক কিদৰে মুক্ত কৰিব পৰা যায় তাৰ বাবে আৰক্ষীয়ে অন্য প্ৰতিৰোধৰ লগতে জনসাধাৰণক সজাগ কৰাৰ বাবে চেষ্টা কৰি আছে বুলি সদৰী কৰে৷ ব্যক্তিগতভাৱে ম’বাইল আৰু কম্পিউটাৰ ব্যৱহাৰৰ ক্ষেত্ৰত জনসাধাৰণে এজনে আনজনক সহযোগ কৰা উচিত বুলিও তেওঁ কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here