অসমৰ দৰিদ্ৰতাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদেন কি ক’লে ?

0
93

অসমত দ্ৰুত গতিত বৃদ্ধি পাইছে দুখীয়া লোকৰ সংখ্যা৷ যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰি আহিছে সেই সময়তে উদ্বেগজনকভাৱে ৰাজ্যখনত দৰিদ্ৰ লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ চলিত সংসদৰ অধিবেশনতে লোক সভাত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা মতে, শেহতীয়াকৈ প্ৰকাশিত নিটি আয়োগৰ মাল্টিডাইমেনশ্যনেল প’ভাৰ্টি ইনডেক্সৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ দৰিদ্ৰ ৰাজ্যৰ তালিকাত পঞ্চম স্থানত আছে অসম৷ অসমৰ ৩২.৬৭ শতাংশ লোক এতিয়াও দৰিদ্ৰতাৰ গ্ৰাসত৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰৱীণ পাৱাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ নাগৰিকসকলে যিখিনি নূন্যতম সা-সুবিধা পাব লাগে সেই খিনিও অসমৰ ৪৭.৮৭ শতাংশই লোকে  লাভ নকৰে৷ নিটি আয়োগে ইয়াক ইণ্টেনছিটি অব ডিপ্লাইভেচন বুলি আখ্যা দিছে৷ দৰিদ্ৰতাৰ মাপকাঠী হিচাপে টকা-পইচাৰ পৰা আৰম্ভ কৰি পুষ্টি, মাতৃস্বাস্থ্য, শিক্ষাৰ হাৰ, ৰন্ধনৰ বাবে ব্যৱহৃত ইন্ধন, খোৱাপানী, অনাময় বাসস্থান, বিদ্যুতৰ ব্যৱহাৰ আদিক সামৰি লোৱা হৈছে৷ সকলোতকৈ ডাঙৰ কথা যে অসমত ৰাষ্ট্ৰীয় পৰ্যায়ত কৈ দৰিদ্ৰতাৰ হাৰ যথেষ্ট বেছি৷ অসমৰ এই পুতৌজনক অৱস্থাৰ বিপৰীতে কিন্তু দিল্লী, মহাৰাষ্ট্ৰ, কেৰলা, পঞ্জাব আদিৰ অৱস্থা যথেষ্ট উন্নত৷ ইয়াৰ বিপৰীতে  দেশৰ দৰিদ্ৰ ৰাজ্যৰ শীৰ্ষত আছে বিহাৰ৷ বিহাৰৰ পাছত আছে ঝাৰখণ্ড৷ তৃতীয় আৰু চতুৰ্থ স্থানত আছে উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশ৷ পঞ্চমত আছে যুটীয়াভাৱে অসম আৰু মেঘালয়৷ যদিহে এই গতিত ৰাজ্যখনত দুখীয়া লোকৰ সংখ্যা বৃদ্ধি পাই থাকে তেনেহ’লে অনাগত দিনত ৰাজ্যৰ ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ’ব যে সেয়া একপ্ৰকাৰ নিশ্চিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here