অসমৰ তিনিখন চৰকাৰী চিকিৎসালয়লৈ ‘লক্ষ্য প্ৰমাণ-পত্ৰ’

0
439

ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠানত সুৰক্ষিত সন্তান প্ৰসৱৰ লগতে প্ৰসূতি আৰু নৱজাতক শিশুৰ বাবে উপযুক্ত যতন উপলব্ধ হোৱাটো সুনিশ্চিতকৰণত সফলতাৰ বাবে অসমৰ তিনিখন চৰকাৰী চিকিৎসালয়ে ‘লক্ষ্য প্ৰমাণ-পত্ৰ’ ভাৰত চৰকাৰৰ পৰা লাভ কৰিছে৷ 
প্ৰসৱ কক্ষ আৰু প্ৰসূতি অপাৰেশ্যন থিয়েটাৰৰ গুণগত মান, পৰিচ্চন্নতা আৰু সুৰক্ষিত সেৱাৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়, তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয় আৰু যোৰহাট জিলাৰ টীয়ক এফ আৰ ইউক ‘লক্ষ্য প্ৰামাণিকৰণ কাৰ্যসূচী’ৰ অধীনত স্বীকৃতি প্ৰদান কৰিছে৷ 
স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা মতে, নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প্ৰসৱ কক্ষ আৰু প্ৰসূতি অপাৰেশ্যন থিয়েটাৰ আৰু তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি অপাৰেশ্যন থিয়েটাৰে নিৰ্দিষ্ট পাঁচটা মুখ্য মানকৰ আটাইকেইটা পূৰণ কৰি পূৰ্ণৰূপে ‘লক্ষ্য প্ৰামাণিকৰণ’ স্বীকৃতি লাভ কৰিছে৷ 
ইয়াৰ সমান্তৰালকৈ তিনিচুকীয়া জিলা অসামৰিক চিকিৎসালয়খনৰ প্ৰসৱ কক্ষ আৰু টীয়ক এফ আৰ ইউৰ প্ৰসৱ কক্ষই পাঁচটা মানকৰ চাৰিটাকৈ পূৰণ কৰাৰ বাবে চৰ্তসাপেক্ষ লক্ষ্য প্ৰমাণ-পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ 
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব তথা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সঞ্চালক বিকাশ শীলে শেহতীয়াকৈ এখন চৰকাৰী পত্ৰযোগে অসম চৰকাৰৰ স্বাস্থ্য বিভাগক এই লক্ষ্য প্ৰামাণিকৰণ স্বীকৃতিৰ বিষয়ে আনুষ্ঠানিকভাৱে অৱগত কৰিছে৷ 
উল্লেখ্য যে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ২০১৭ চনৰ পৰা দেশৰ ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠান চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়, জিলা চিকিৎসালয়, এফ আৰ ইউ আদিৰ প্ৰসৱ কক্ষ আৰু প্ৰসূতি অপাৰেশ্যন থিয়েটাৰত প্ৰসূতি আৰু সদ্য নৱজাত শিশুৱে যাতে উচ্চ গুণগত মানৰ যতন আৰু সুৰক্ষিত সেৱা লাভ কৰিব পাৰে, সেয়া সুনিশ্চিত কৰিবলৈ ‘লক্ষ্য’ কাৰ্যসূচীৰ জৰিয়তে চিকিৎসালয়ৰ প্ৰসৱ কক্ষ আৰু প্ৰসূতিৰ অপাৰেশ্যন থিয়েটাৰসমূহ বিভিন্ন মানকৰ আধাৰত প্ৰামাণিকৰণ কৰি লক্ষ্য প্ৰমাণ-পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিছে৷ লক্ষ্য প্ৰমাণ-পত্ৰ আহৰণত সফলতা লাভ কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰী মহন্তই চিকিৎসালয়কেইখনৰ অধীক্ষক, চিকিৎসক-স্বাস্থ্য কৰ্মীসকলক অভিনন্দন জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here