অসমীয়াৰ গৌৰৱ ‘গামোচা’খনলৈজি আই টেগৰ স্বীকৃতি

0
119

আমাৰ হিয়াৰ আমঠু গামোচাখন অসমীয়াৰ স্বাভিমানৰ প্ৰতীক৷ অসমীয়া গামোচাখনে ইয়াৰ কলা-সংস্কৃতি, সভ্যতাক প্ৰতিনিধিত্ব কৰে৷ অতি সন্মানজনক কাম বিহু সংক্ৰান্তি, শুভ কৰ্ম, কাৰোবাক আদৰা আদি গুৰুত্বপূৰ্ণ কামত গামোচা ব্যৱহাৰ হয়৷ অসমীয়া সমাজত গামোচাৰ আদৰ অতি উচ্ছ৷ বিশ্ব দৰবাৰত অসমীয়া গামোচাই যথেষ্ট স্বীকৃতি লাভ কৰিছে৷ ইয়াৰ সমাদৰ বহুলভাৱে বিস্তাৰিত হৈ বিশ্বৰ প্ৰান্তে প্ৰান্তে এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াভাৱে অসমীয়াৰ স্বাভিমান গামোচাখনে কঢ়িয়াই অনা এক সুখবৰে অসমবাসীকে গৌৰৱান্বিত কৰিছে৷ বহু অপেক্ষা তথা উৎকণ্ঠাৰ পাছত অসমৰ গামোচাখনে জিঅ’গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ চমুকৈ জি আইৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ 
কেন্দ্ৰীয় চৰকাৰৰ জিঅ’ ইণ্ডিকেশ্যন পঞ্জীয়কে আনুষ্ঠানিকভাৱে অসমৰ গামোচাই এই স্বীকৃতি লাভ কৰাৰ কথা ঘোষণা কৰে৷ উল্লেখ্য যে জিঅ’গ্ৰাফিকেল ইণ্ডিকেশ্যন অব গুড্‌ছ এক্ট ১৯৯৯১ অধীনত ভাৰত চৰকাৰৰ বৌদ্ধিক সম্পত্তিৰ আইনৰ অধীনত এই স্বীকৃতি প্ৰদান কৰা হয়৷ এই সুখবৰটোৰ কথা টুইটাৰযোগে সদৰী কৰে কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য, উদে্যাগ, বস্ত্ৰশিল্প মন্ত্ৰী পীয়ুষ গোৱেলে৷ অসমৰ বস্ত্ৰ শিল্পৰ স্বকীয়তা তুলি ধৰি বিশ্বতে নিজৰ চানেকি ৰাখিবলৈ সক্ষম হোৱা গামোচাখনৰ এই স্বীকৃতিয়ে গোটেই অসমবাসীক আজি গৌৰৱান্বিত কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here