অসমত ধঁপাত সেৱনকাৰীৰ সংখ্যা অধিক বৃদ্ধি

0
712

ৰাজ্যৰ লগতে গুৱাহাটীৰ বজাৰ এতিয়া ধঁপাতজাতীয় সামগ্ৰীৰে ভৰি পৰিছে৷ প্ৰতিদিনে গুট্‌খা, খৈনী আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ নতুন নতুন ব্ৰেণ্ডৰ পেকেট বজাৰত উপলব্ধ হ’বলৈ ধৰিছে৷ নতুন প্ৰজন্মৰ মাজতো গুট্‌খা, খৈনী আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী সেৱনৰ পৰিমাণো অধিক বৃদ্ধি পাইছে৷ শেহতীয়া এক সমীক্ষা অনুসৰি ৰাজ্যৰ ৫২.৬  শতাংশ পুৰুষ আৰু ২৫.৩ শতাংশ মহিলাই বিভিন্ন ধৰণৰ  ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰে৷ তেনেদৰে গ্ল’বেল এডাল্ট ছাৰ্ভে ইণ্ডিয়াৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ৪০ শতাংশ প্ৰাপ্তবয়স্ক লোকেই চিগাৰেট, বিড়ি, গুট্‌খা, খৈনী আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰে৷ ইয়াৰে ৭ শতাংশই চিগাৰেট অথবা বিড়ি আৰু ২৪ শতাংশই গুট্‌খা, খৈনী আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰে বুলিও সমীক্ষাত প্ৰকাশ পাইছে৷ বিশেষকৈ ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰা লোকৰ ৫১ শতাংশ লোকক অপকাৰ কৰাৰ লগতে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত অৰিহণা যোগায়৷ তথ্য অনুসৰি প্ৰতিবছৰে অসমত ৫৪১ কোটিৰো অধিক টকাৰ ধঁপাতৰ ব্যৱসায় হয়৷ অতি বিপজ্জনকভাৱে বৃদ্ধি পোৱা ধঁপাতৰ ব্যৱসায়ে নতুন প্ৰজন্মলৈ একপ্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছে৷ প্ৰণিধানযোগ্য যে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ চৰকাৰৰ শাসনকালত স্বাস্থ্য মন্ত্ৰী হৈ থাকোঁতেই বিধানসভাত এখন ধঁপাত-বিৰোধী আইন গৃহীত কৰিছিল আৰু ইয়াৰ পাছতেই ধঁপাতজাতীয় সামগ্ৰীৰ সেৱন আৰু বিক্ৰী বন্ধ কৰাৰ বাবে চৰকাৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল৷ কিন্তু তাৰ পাছত পুনৰ চৰকাৰ-প্ৰশাসনে মৌনতা অৱলম্বন কৰিলে৷  ইফালে কামৰূপ মহানগৰ জিলা প্ৰশাসনে  ‘দ্য আছাম হেল্‌থ এ’ ২০১৩-ৰ বিভিন্ন ব্যৱস্থাৱলীসমূহ সমগ্ৰ জিলাতে বলৱৎ কৰিবলৈ প্ৰত্যেকখন জিলাৰ সংশ্লিষ্ট এলেকাৰ চক্ৰ বিষয়া, আৰক্ষী আয়ুক্ত আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ বিষয়াবৰ্গক সামৰি কৰ্ম বাহিনী গঠন কৰি  ধঁপাত-বিৰোধী অভিযান আৰু অধিক তীব্ৰতৰ কৰি তোলাৰ বাবে সিদ্ধান্ত লৈছিল৷ কিন্তু পাছলৈ প্ৰশাসনৰ লোকসকলেও এইক্ষেত্ৰত নীৰৱ ভূমিকাহে গ্ৰহণ কৰা পৰিলক্ষিত হ’ল৷ গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যত এতিয়া মুকলিকৈ ‘চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী আইন, ২০০৩’ চমুকৈ কটপা আইন উলংঘা কৰা হৈছে৷ কটপা আইন,২০০৩-ৰ ৫নং অনুচ্ছেদ অনুসৰি ব্যাৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত বা অন্যান্য ৰাজহুৱা স্থানত ধঁপাতজাতীয় সামগ্ৰীৰ বিজ্ঞাপন লগোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে৷ কিন্তু  আইনখনক মুকলিকৈ ভংগ কৰি এতিয়া ধঁপাতজাতীয় সামগ্ৰীৰ বিজ্ঞাপন লগোৱাৰ বাবে একাংশ ব্যৱসায়ীৰ মাজত একপ্ৰকাৰ প্ৰতিযোগিতাৰহে সৃষ্টি হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here