অসমত দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ

0
353

অসমত দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আগন্তুক ৭ বছৰৰ ভিতৰত অসমত শ্বেত বিপ্লৱ অনাৰ লগতে  মুখ্যমন্ত্ৰীজনে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড চমুকৈ এন ডি ডি বিৰ সৈতে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে৷ 
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পূৰবী ডেইৰী [ৱামূল] আৰু নেশ্যনেল কো-অপাৰেটিভ ডেইৰী ফেডাৰেশ্যন অব্‌ ইণ্ডিয়া লিমিটেডৰ উদ্যোগত অনুষ্ঠিত নৰ্থ-ইষ্ট ডেইৰী কো- অপাৰেটিভ কনক্লেভত এই চুক্তি কৰা হয়৷ এই চুক্তিৰ জৰিয়তে ৰাষ্ট্ৰীয় দুগ্ধ সংস্থাটোৱে অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডৰ পৰিচালনামূলক কাৰ্যকলাপসমূহ চোৱা-চিতা কৰিব৷ 
আনহাতে ৰাজ্যৰ দুগ্ধ উৎপাদকসকলক দুগ্ধ উৎপাদনত সহযোগ কৰাৰ বাবে চাংসাৰিত পূৰবী ডেইৰীয়ে স্থাপন কৰা এটা গৰুৰ বাবে পুষ্টিকৰ খাদ্য উৎপাদনৰ প্ৰকল্পও মুখ্যমন্ত্ৰী ড॰ শৰ্মাই উদ্বোধন কৰে৷ 
অনুষ্ঠানত মুখ্যমন্ত্ৰীজনে কয় যে ইষ্ট আছামৰ জৰিয়তে চৰকাৰে ৰাজ্যত অধিক দুগ্ধ উৎপাদনৰ লক্ষ্য লৈছে৷ চৰকাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ডেইৰী প্ৰকল্প স্থাপনৰ লক্ষ্যও লৈছে৷ অসমত আজিলৈকে ব্যাৱসায়িক ভিত্তিত এয়া হৈ উঠা নাই৷
সেয়ে এতিয়া অসম চৰকাৰে সমবায়ভিত্তিক দুগ্ধ উৎপাদনৰ লক্ষ্য লৈছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আগন্তুক অসমত ৭ বছৰৰ ভিতৰত দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদন কৰিব লাগিব বুলি কয়৷ আনহাতে তেওঁ অসমতে কৃত্ৰিমভাৱে গাই গৰু জন্ম দিয়াৰ ব্যৱস্থা অৱলম্বন কৰাৰ পোষকতাও কৰে৷ 
এই কনক্লেভত অংশগ্ৰহণ কৰি কৃষি আৰু পশুধন বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে অসমত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত থকা সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ৰাজ্য চৰকাৰে সমবায় স্থাপনৰ ওপৰত গুৰুত্ব দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here