অসমত এইড্‌ছ আক্ৰান্ত ৰোগীৰ সংখ্যা কিমান জানেনে ?

0
160

বৰ্তমান সময়ত আমাৰ ৰাজ্যখনত ২৫ হাজাৰ ৭৩গৰাকী এইড্‌ছ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰ মাজৰে ১০ হাজাৰ ৭৬৫ গৰাকীয়ে চিকিৎসা লাভ কৰিবলৈ সক্ষম হোৱাৰ এক ভয়াৱহ তথ্য আজি সদৰী হৈছে বিশ্ব এইড্‌ছ দিৱসৰ দিনটোত৷ এইড্‌ছ নিয়ন্ত্ৰণ সমিতিৰ শোণিতপুৰ জিলাৰ দায়িত্বত থকা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ হিৰণ্য কুমাৰ শইকীয়াই ৰাজ্যখনৰ এই তথ্য সদৰী কৰে৷ তথ্য অনুসৰি শোণিতপুৰ জিলাখনত বৰ্তমানলৈকে ৫ লাখ ৫৭ হাজাৰ ৭৪৭গৰাকী গৰ্ভৱতী মহিলাৰ এইড্‌ছ পৰীক্ষা কৰাৰ বিপৰীতে ১ লাখ ৩২ হাজাৰ সাধাৰণ ৰোগীক পৰীক্ষা কৰাৰ পাছত প্ৰথমৰে পৰা জিলাখনত ৫৯৫ গৰাকী ৰোগী চিনাক্ত হৈছিল যদিও বৰ্তমানে ৯২ গৰাকী এইড্‌ছ আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে৷ 
উল্লেখ্য যে উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই এই মাৰাত্মক ৰোগৰ পৰা কেনেদৰে হাত সাৰি থাকিব পাৰি তাৰ সজাগতাৰ অৰ্থে ভাৰতৰ এইড্‌ছ নিয়ন্ত্ৰণ সমিতিয়ে বছিৰ ৰ ডিচেম্বৰ অৰ্থাৎ বিশ্ব এইড্‌ছ দিৱসৰ দিনটোত সজাগতামূলক শোভাযাত্ৰাৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি অহা বুলি কয়৷ জিলা আৰু সত্ৰ ন্যায়াধীশ সত্ৰভূষণ গগৈয়ে ভাৰত বৰ্ষত ১৯৯২ চনৰ পৰা এইড্‌ছ নিয়ন্ত্ৰণ সমিতি গঠন হোৱাৰ পাছত ইয়াৰ বাবে ১৫ হাজাৰ ৭১৪ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰি সমগ্ৰ দেশতেই এইড্‌ছ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন অভিযান চলাই থকা  বুলি কৈ ইয়াৰ ফলত দেশত ৪৮ শতাংশ ৰোগৰ উপশম হোৱা  বুলি তেওঁ সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here