অসমক নদী পৰ্যটনৰ হাব হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা

0
477

গুৱাহাটীত অনুষ্ঠিত এছিয়ান কনফ্লুয়েন্স ৰিভাৰ কনক্লেভ-২০২২-ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে লুইতৰ পাৰত নেচাৰেল এলাইছ ইন ডেভেলপমেণ্ট এণ্ড ইণ্টাৰডিপেনণ্ডেণ্টছ [নদী-৩]ৰ এই সন্মিলন আয়োজন কৰাটো আমাৰ বাবে পৰম সৌভাগ্যৰ কথা৷ ইয়াৰ ফলত উত্তৰ-পূবৰ লগতে ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহ লাভৱান হ’ব৷ 
নদী কনক্লেভে আমাৰ উন্নয়নমুখী ধাৰণাসমূহৰ ভাগ-বতৰাৰে অঞ্চলটোৰ দ্ৰুত অৰ্থনৈতিক বিকাশ আৰু নদীপথ সংযোগক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সমন্বয়ক হিচাপে কাম কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷ 
আনহাতে অসমক নদী পৰ্যটনৰ হাব হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে যোগাযোগ ব্যৱস্থা উন্নত কৰি ব্যৱসায়-বাণিজ্য আৰম্ভ কৰিব পাৰিলেই অঞ্চলটোৰ উন্নয়নৰ গতি ক্ষিপ্ৰ হ’ব৷ 
অনুষ্ঠানত অংশগ্ৰহণ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড॰ এছ জয়শংকৰে কয় যে প্ৰাকৃতিক সম্পদৰ লগতে পৰ্যটন, চহকী কলা-সংস্কৃতিৰে ভৰপূৰ অঞ্চল হৈছে উত্তৰ-পূৰ্বাঞ্চল৷ দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে এক সু-সম্পৰ্ক গঢ়ি তুলিব পাৰিলেই উত্তৰ-পূবৰ বিকাশৰ গতি ক্ষিপ্ৰ হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে মোদী চৰকাৰে এ“ ইষ্ট পলিচিৰ ৰূপায়ণত সৰ্বাধিক গুৰুত্ব দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here