অভিলেখ : বিশ্বত ৫.৯১ কোটি লোক স্থানচ্যুত

0
368

বিভিন্ন বিবাদ আৰু প্ৰাকৃতিক দুৰ্যোগে যোৱা বছৰ হাজাৰ হাজাৰ লোকক তেওঁলোকৰ নিজ নিজ দেশৰ ভিতৰতে পলাবলৈ বাধ্য কৰে৷ এইদৰে অভ্যন্তৰীণভাৱে স্থানচ্যুত হোৱা লোকৰ সংখ্যাই নতুন অভিলেখ সৃষ্টি কৰে৷ ইণ্টাৰনেল ডিছপ্লেচমেণ্ট মনিটৰিং চেণ্টাৰ [আই ডি এম চি] আৰু নৰৱেইয়ান ৰিফিউজী কাউন্সিলে [এন আৰ চি] যুটীয়াভাৱে প্ৰস্তুত কৰা এখন প্ৰতিবেদনত এই কথা কোৱা হৈছে৷ 
২০২১ চনত সমগ্ৰ পৃথিৱীত ৫ কোটি ৯১ লাখ লোক অভ্যন্তৰীণভাৱে স্থানচ্যুত হয়৷ এইটো সৰ্বকালৰ অভিলেখ৷ কিন্তু যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ভিতৰত স্থানচ্যুত হোৱা লোকৰ সংখ্যাই এইবছৰ এই অভিলেখো ভংগ কৰিব পাৰে৷ দেশখনত এই পৰ্যন্ত ৮০ লাখৰো অধিক লোক স্থানচ্যুত হৈছে৷ তদুপৰি ৬০ লাখৰো অধিক লোক শৰণাৰ্থী হিচাপে ইউক্ৰেইনৰ পৰা পলাই গৈছে৷ প্ৰতিবেদনখনৰ মতে ২০২১ চনত প্ৰায় ৩ কোটি ৮০ লাখ নতুনকৈ অভ্যন্তৰীণভাৱে স্থানচ্যুত হয়৷ তেওঁলোকৰ ভিতৰত কিছুমান লোক বছৰটোত কেইবাবাৰো পলাবলৈ বাধ্য হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here