অবৈধ বৰিঙৰ বিৰুদ্ধে জি এম চিৰ অভিযান

0
1174

গুৱাহাটী পৌৰ নিগমে যোৱা কেইবাদিনো ধৰি ইয়াৰ অধীনত থকা নীতি-নিয়ম নমনা কিছুমান ব্যাৱসায়িক প্ৰতিষ্ঠান তথা দোকান-বজাৰত জোৰদাৰ অভিযান আৰম্ভ কৰিছে৷ আৰু জৰিমনা বিহা দেখা হৈছে৷ শেহতীয়াভাৱে গুৱাহাটী পৌৰ নিগমৰ নীতি-নিৰ্দেশনা  উলংঘা কৰি একাংশ লোকে নিজ ইচ্ছামতে অবৈধভাৱে পানী বেৰিং কৰি পানীৰ ৰমৰমীয়া ব্যৱয়ায় চলাই আহিছে৷ 
এইদৰে চাৰি মাৰ্চত বিশেষ খবৰৰ ভিত্তিত গুৱাহাটী পৌৰ নিগমৰ এটা দলে গুৱাহাটীৰ পাথৰকুৱেৰীত অভিযান চলাই অবৈধভাৱে বৰিং কৰি পানীৰ ব্যৱসায় চলাই অহা অহা হাজৰুল হক নামৰ লোকজনৰ বাসগৃহত অভিযান চলায়৷ 
স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত উক্ত লোকজনে অবৈধভাৱে বৰিং কৰি পানীৰ ব্যৱসায় কৰাটো ধৰা পেলায়৷ পৌৰ নিগমৰ দলটোৱে অবৈধভাৱে পানী বৰিং কৰি ব্যৱসায় চলাই থকা লোকজনৰ বিৰুদ্ধে জৰিমনা বিহাৰ লগতে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে৷ 
যিসময়ত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে, সেই সময়তে এইদৰে খোদ মহানগৰীতে এনেদৰে অবৈধভাৱে পানীৰ ব্যৱসায় কৰাক লৈ সচেতন মহল চিন্তিত হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here