অবাক নহ’ব ! মাইকী সাপৰ আছে যৌন অংগ : জনালে বিজ্ঞানীয়ে

0
482

আমি সাধাৰণতে জানো যে সাপৰ হাত, ভৰি নথকাৰ দৰে কোনোধৰণৰ যৌন অংগ নাথাকে৷ ইয়াৰ ঘ্ৰাণশক্তি ইমান প্ৰখৰ যে ইয়াৰ জৰিয়তে ওচৰৰ কি বস্তু আছে সকলোবোৰ আয়ত্ত কৰে৷ কিন্তু এই ধাৰণা মিছা বুলি প্ৰমাণিত কৰিছে এদল বিজ্ঞানীয়ে৷ আপুনি শুনি আচৰিত লাগিলেও সঁচা যে সাপৰ হেনো যৌন অংগ আছে৷ অষ্টে˜লিয়াত সাপত লৈ কৰা এক গৱেষণাত এই কথা পোহৰলৈ আহিছে৷ গৱেষকৰ দলটোৱে সাপৰ দেহত ক্লিটোৰাইজেছ অৰ্থাৎ ভগাংকৰ আৱিষ্কাৰ কৰিছে৷ এই আৱিষ্কাৰে দীৰ্ঘদিন ধৰি ধাৰণা এটা ভুল প্ৰমাণিত হ’ল৷ বিজ্ঞানীৰ দলটোৰে মাইকী সাপৰ দেহত যৌন অংগ চিনাক্ত কৰিবলৈ সক্ষম হৈছে আৰু এই অংগৰ জৰিয়তে যৌন মিলনৰ সময়ত সাপত মাজত পৰস্পৰে উত্তেজনা আৰু সম্ভোগ লাভ কৰে বুলি ঠাৱৰ কৰিছে৷ সাপক লৈ কৰা এই নতুন তথ্য ৰয়েল ছ’টাইটি বি জাৰ্নেলত প্ৰকৃতি হোৱাৰ পাছতে বিজ্ঞানীসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here