অন্তঃসত্ত্বা মহিলাক ৩৩ সপ্তাহৰ পাছতগৰ্ভপাত কৰোৱাৰ অনুমতি ন্যায়ালয়ৰ

0
159


অন্তঃসত্ত্বা অৱস্থাত যিকোনো সময়ত কোনো সমস্যা দেখা দিয়ে, তেন্তে ভ্ৰূণৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ শেহতীয়াকৈ এক খবৰ মতে ২৯ সপ্তাহৰ এগৰাকী অন্তঃসত্ত্বা মহিলাই গৰ্ভত থকা ভ্ৰূণৰ পৰীক্ষা কৰোঁতে বিভিন্ন অসুবিধা ধৰা পৰে৷ তেতিয়া মহিলাগৰাকীয়ে গৰ্ভস্থ ভ্ৰূণটো গৰ্ভপাত কৰাবলৈ আৱেদন জনায়৷ এই ক্ষেত্ৰত কোনো চিকিৎসক তথা মেডিকেল ব’ৰ্ডে অনুমতি নিদিয়াৰ বাবে মহিলাগৰাকীয়ে দিল্লী উচ্চ ন্যয়ালয়ৰ কাষ চাপে৷ সেই মৰ্মে অন্তঃসত্ত্বা মহিলাগৰাকীক ৩৩ সপ্তাহৰ মূৰত গৰ্ভপাত কৰোৱাৰ অনুমতি প্ৰদান কৰে দিল্লী উচ্চ ন্যায়ালয়ে৷ মেডিকেল পৰীক্ষাৰ পৰা জনা মতে মহিলাগৰাকীয়ে ধাৰণ কৰা ভ্ৰণত একাধিক জিনগত সমস্যা থকাৰ বাবে সন্তানটোৰ মূৰৰ আকাৰ অত্যন্ত সৰু হৈ আছিল৷ গৰ্ভস্থ ভ্ৰণটোৰ মষ্কিষ্কৰ আকাৰ স্বাভাৱিকৰ তুলনাত যথেষ্ট সৰু আছিল৷ ন্যায়ালয়ে জনোৱা মতে এইধৰণৰ আৱেদন খাৰিজ কৰা মানে আৱেদনকাৰী তথা মাতৃগৰাকীৰ নাৰীত্বৰ সত্তাটো অপমান কৰা৷ জানিব পৰা মতে ২৯ সপ্তাহৰ অন্তঃসত্ত্বা মহিলাগৰাকীৰ গৰ্ভৰ সন্তানৰ একাধিক সমস্যা আছিল৷ নানা পৰীক্ষাৰ পাছত মহিলাগৰাকীয়ে সেয়ে অন্তঃসত্ত্বা হোৱাৰ ২৪ সপ্তাহৰ পাছত মেডিকেল ব’ৰ্ডত আৱেদন কৰে যদিও ব’ৰ্ডে আৱেদনখন খাৰিজ কৰে৷ উপায়হীন হৈ মহিলাগৰাকীয়ে পাছত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু ন্যায়ালয়ে গৰ্ভপাত কৰিবলৈ অনুমতি প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here