অনবদ্য পদক্ষেপ ঃ ভোট জলকীয়া শুকুওৱা যন্ত্ৰ উদ্ভাৱন

0
258

অসম তথা উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত ভোট জলকীয়া প্ৰণালীবদ্ধভাৱে দেশে-বিদেশে ৰপ্তানি কৰাৰ উদ্দেশ্যে ভোট জলকীয়া শুকুওৱা যন্ত্ৰ উদ্ভাৱন কৰি ভাৰত চৰকাৰৰ পেটেণ্ট পাবলৈ সক্ষম হৈছে সৰুপথাৰৰ বিশিষ্ট উদ্ভাৱক ৰণজিৎ চেতিয়াই৷ 
সৰুপথাৰৰ এক নং গন্ধকৰৈ গাঁৱৰ নিৱাসী ৰাসায়নিক প্ৰযুক্তিবিদ্যাৰ স্নাতক ৰণজিৎ চেতিয়াই ২০০৮ চনৰ পৰা জলকীয়া শুকুওৱা যন্ত্ৰ তৈয়াৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খেতিয়কসকলক বিক্ৰী কৰি আহিছিল৷ উদ্ভাৱকগৰাকীয়ে এই যন্ত্ৰটোৰ সকলো ঋণাত্মক কাৰকসমূহ আঁতৰাই ২০১৪ চনত অত্যাধুনিক শুকুওৱা যন্ত্ৰ উদ্ভাৱন কৰে৷ 
এই যন্ত্ৰটোৰ বাবে ভাৰত চৰকাৰলৈ পেটেণ্ট অধিকাৰ লাভৰ বাবে আৱেদন কৰে৷ যোৱা ছেপ্টেম্বৰ মাহত ভাৰত চৰকাৰৰ পৰা ৩৭৬৬০৩ নম্বৰত নগা কিংচিলি শুকুওৱা যন্ত্ৰটোৰ পেটেণ্ট লাভ কৰে৷ লক্ষণীয় যে এই বিশেষ যন্ত্ৰটোত ভোট জলকীয়াবোৰ মেলি দিয়াৰ পাছত নলৰোৱাকৈ মাত্ৰ ১৮ ঘণ্টাৰ ভিতৰতে শুকুৱাব পাৰি৷ যন্ত্ৰটোৰ ভিতৰত বিশেষভাৱে নিৰ্মিত ধাতুৰ চুলা আছে৷
তাপ বিনিময় ব্যৱস্থাৰ দ্বাৰা খৰি জ্বলাই গৰম বায়ু এখন বিশেষ ফেনৰ দ্বাৰা জলকীয়াৰ মাজেদি যাবলৈ দিয়া হয়৷ যন্ত্ৰটোৰ ওপৰত আৰু তলত সংস্থাপন কৰা দুটা তাপজোখা মিটাৰৰ জৰিয়তে জলকীয়া শুকাই যোৱাৰ বিষয়ে জানিব পাৰিব৷ 
উদ্ভাৱক ৰণজিৎ চেতিয়াই জনোৱা মতে, এই শুকুওৱা যন্ত্ৰটোত ভোট জলকীয়াৰ উপৰি বিভিন্ন শাক-পাচলি, কাঠফুলা, ফুলকবি, গাজৰ, মূলা, মছলা, ডালচেনি, ইলাচি, জালুক, গ্ৰীন টী আদি শুকুৱাব পাৰি৷ উদ্ভাৱকগৰাকীয়ে জনোৱা মতে , তেওঁ ২০০৮ চনতে প্ৰথম এই যন্ত্ৰটো তৈয়াৰ কৰে৷ বৰ্তমান যন্ত্ৰটো মডিফিকেশ্যন কৰি আধুনিক ৰূপ প্ৰদান কৰে৷ 
ভোট জলকীয়া খেতিয়কসকলক এই যন্ত্ৰটোৱে আশাৰ সঞ্চাৰ কৰিছে৷ ভাৰত চৰকাৰৰ SPICE BOARD-য়ে ২০২২ চনৰ পৰা তিনি বছৰৰ বাবে ব’ৰ্ডৰ হৈ এই যন্ত্ৰ উৎপাদন কৰিবলৈ অনুমতি প্ৰদান কৰিছে৷ ভোট জলকীয়া খেতিয়কসকলৰ বাবে শুকুওৱা যন্ত্ৰটো উদ্ভাৱন কৰি সহায় আগবঢ়োৱা ৰণজিৎ চেতিয়াই বৰ্তমান সৰুপথাৰত এগ্ৰ’টেক ইণ্ডাষ্ট্ৰিজ নামৰ এটা কাৰখানাত এই যন্ত্ৰটো তৈয়াৰ কৰি আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here