অতিৰিক্ত ধূমপান কৰে নেকি? এইবোৰ খাদ্য খাওক

0
247

অত্যধিক মাত্ৰাত ধূমপান কৰাটো স্বাস্থ্যৰ বাবে কিমান বিপজ্জনক হ’ব পাৰে সেয়া হয়তো আপুনি অনুমান কৰিব নোৱাৰিব৷ অতিৰিক্ত ধূমপানে শৰীৰৰ নিঃশব্দে শৰীৰৰ অভ্যন্তৰত যথেষ্ট ক্ষতি কৰে৷ 

সেয়েহে ধূমপানৰ অভ্যাস ততালিকে এৰাটো আমাৰ স্বাস্থ্যৰ পক্ষেই উপকাৰী৷ তথাপি যদি আপুনি ধূমপান সেৱনৰ অভ্যাস এৰিব পৰা নাই, তেতিয়াহ’লে এইবোৰ খাদ্য নিয়মীয়াভাৱে নিজৰ খাদ্য তালিকাত ৰখাটো খুব জৰুৰী৷ জানো আহক অতিৰিক্তভাৱে ধূমপান কৰিলে আপুনি কেনেধৰণৰ খাদ্য সদায় খাব লাগে৷

নেমু, কমলা, মৌচুম্বী আদি টেঙাজাতীয় ফল প্ৰতিদিনে খাদ্য তালিকাত ৰখাটো অত্যন্ত জৰুৰী৷ ধূমপান কৰাৰ ফলত শৰীৰৰ নিকোটিন জমা হয় আৰু শৰীৰৰ কেইবাদিনপৰ্যন্ত থাকি যায়৷ 

ফলত ইয়ে ছালৰ কোষ, ৰোমকূপৰ ক্ষতি কৰে৷ ইয়াৰ বাহিৰেও নিয়মিতৰূপে ধূমপান কৰাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়৷ সেয়েহে ভিটামিন-চিযুক্ত খাদ্য যেনে– নেমু, কমলা আদি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ এইবোৰ খাদ্যই ছালৰ কোষৰ ক্ষতিপূৰণতো সহায় কৰে৷

ধূমপান কৰাৰ ফলত শৰীৰত নিকোটিন জমা হয়৷ যাৰ ফলস্বৰূপে ৰক্ত সঞ্চালনত ব্যাঘাত জন্মে৷ তেজত নিকোটিনৰ মাত্ৰা কমোৱাত আদাই সহায় কৰে৷ দৈনিক আদা সেৱন কৰিলে  হাঁওফাঁওৰ নিকোটিনৰ স্তৰ পৰিষ্কাৰ হয়৷ আনহাতে আদাই ধূমপানৰ আসক্তিও কমাব পাৰে৷

ধূমপান কৰাৰ ফলত হৃদস্পন্দন বাঢ়ি যায়৷ ৰক্তচাপ বাঢ়ি গ’লে অক্সিজেনৰ মাত্ৰা কমে৷ সেয়েহে বেদনা খালে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি পায়৷ ইয়াৰ লগতে তেজৰ সঞ্চালন উন্নত কৰে বেদনাই৷

ধূমপান কৰাত ফলত ৰক্তনলী সংকুচিত হৈ যায়৷ বাদামত থকা ভিটামিন-ই-এ ৰক্ত সঞ্চালন স্বাভাৱিক কৰি হৃদৰোগৰ সম্ভাৱনা কমাই দিয়ে৷

ধূমপান কৰাৰ ফলত শৰীৰৰ ভিটামিন-এ, ভিটামিন-চি আদিৰ মাত্ৰা কমি যায়৷ নিয়মিতভাৱে গাজৰ খালে দেহত ভিটামিন-এ, ভিটামিন-চি আদি সঠিক পৰিমাণ যোগান ধৰি শক্তি প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here