Home Daily news ৰাণীত স্থাপন হ’ব ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ

ৰাণীত স্থাপন হ’ব ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে গুৱাহাটীত এটা ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ দেশত সংক্ৰামক ৰোগ প্ৰতিৰোধৰ দিশত প্ৰশিক্ষণ, গৱেষণা আৰু কাৰিকৰী দক্ষতা বিকশিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিবলগীয়া এই গুৰুত্বপূৰ্ণ স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠানটো স্থাপনৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে পশ্চিম গুৱাহাটীৰ ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰৰে সংলগ্ন ভূমিক প্ৰস্তাৱিত স্থান হিচাপে বাছনি কৰিবলৈ বিবেচনা কৰিছে৷ 
উল্লেখ্য যে আয়ুষ্মান ভাৰত পৰিযোজনাৰ অধীনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে গুৱাহাটীত নিৰ্মাণ কৰিবলৈ লোৱা কেন্দ্ৰটোৰ বাবে প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই৷ স্বাস্থ্য মন্ত্ৰীজনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ গুৱাহাটীস্থিত আঞ্চলিক স্বাস্থ্য  বিষয়া ডাঃ প্ৰণৱজ্যোতি ভূঞাৰ সৈতে ৰাণী সামূহিক কেন্দ্ৰৰ চৌহদত উপস্থিত হৈ এন চি ডি চিৰ স্থান হিচাপে প্ৰস্তাৱ কৰা সংলগ্ন ভূমি পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ বাবে এই ভূমিৰ উপযুক্ততা নিৰীক্ষণ কৰে৷ উল্লেখ্য যে গুৱাহাটীত এই কেন্দ্ৰৰ নিৰ্মাণে জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া, ক’ভিড আদি সংক্ৰামক ৰোগৰ পৰীক্ষাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ইয়াৰ প্ৰতিৰোধ বিষয়ক কৰ্মসূচীৰ প্ৰশিক্ষণেৰে দক্ষতা বৃদ্ধি, গৱেষণা বিষয়ক কৰ্মসূচী আৰু চিকিৎসা বহুখিনি সুচল কৰিব৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,