Home Daily news ৰাজ্যত এইবাৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক

ৰাজ্যত এইবাৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক

বিশ্বনাথত এইবাৰ আফ্ৰিকান ছোৱাইন ফিভাৰে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, প্ৰতাপগড়ৰ এখন ব্যক্তিগত ফাৰ্মৰ গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰৰ লক্ষণ দেখা পোৱাৰ পাছত গুৱাহাটীত বিভাগীয় পৰীক্ষাগাৰত ছোৱাইন ফিভাৰৰ নিশ্চিত তথ্য লাভ কৰা হয়৷ 
এই তথ্য লাভ কৰাৰ পাছত অঞ্চলটোত পশু চিকিৎসকে আন গাহৰিৰ দেহলৈ এই ৰোগৰ সংক্ৰমণ ৰোধৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ বিশেষ সূত্ৰ মতে, প্ৰতাপগড়ৰ ব্যক্তিগতভাৱে বস্তি অঞ্চলত পালন কৰা কেতবোৰ গাহৰিৰ ইতিমধ্যে মৃত্যু ঘটিছে৷ 
উন্মুক্ত অৱস্থাত পালন কৰা এই গাহৰিসমূহৰ পৰাই কাষৰ ফাৰ্মখনলৈ আফ্ৰিকান ছোৱাইন ফিভাৰ বিয়পি পৰাৰ শংকা কৰা হৈছে৷ ইতিমধ্যে ফাৰ্মখনত বৰ্তমানেও জীৱিত ৭৩টাকৈ অষ্ট্ৰেলিয়ান প্ৰজাতিৰ গাহৰি নিধন কৰিবলৈ এক সূত্ৰত প্ৰকাশ৷ 
উল্লেখ্য যে লেতেৰা পৰিৱেশত প্ৰতাপগড়ৰ বস্তি অঞ্চলত গাহৰি পালন কৰাৰ লগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাৰ বাবেই দাঁতি কাষৰীয়া ফাৰ্ম আৰু জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনাৰ শংকা কৰিছে জিলা প্ৰশাসনে৷ অৱশ্যে আন ফাৰ্মলৈ আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ ঘটিলে গাহৰি নিধনৰ মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ শংকা প্ৰকট হৈ পৰিছে৷
ইফালে বিশ্বনাথত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আৱিৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত গাহৰিৰ লগতে মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ বিশ্বনাথ জিলা দণ্ডাধীশ মুনীন্দ্ৰ নাথ ঙাটেই জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰতাপগড় চাহ বাগিচাৰ পুৰণা বস্তি লাইন আৰু আন ৫৯খন গাঁও সংক্ৰমিত জ’ন হিচাপে ঘোষণা কৰাৰ লগতে প্ৰতাপগড়ৰ চাহ বাগিচাৰ পৰা ১০ কিল’মিটাৰ ব্যাসাৰ্ধত নিৰীক্ষণ জ’ন হিচাপে চিহ্নিত কৰা হৈছে৷
ইফালে যিকোনো ব্যক্তিক আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত মৃত অথবা জীৱিত গাহৰি কঢ়িওৱা আদিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ জিলা দণ্ডাধীশে জাৰি কৰা এই কঠোৰ নিৰ্দেশনা তৎকালে বলৱৎ কৰাৰ পোষকতা কৰা হৈছে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...