মহানগৰ প্ৰশাসনৰ ১৮ বছৰৰ ঊধবৰ্ৰ সকলোকে ভেকচিন প্ৰদানৰ ব্যৱস্থা

0
348
কামৰূপ মহানগৰ জিলাত ১৮ বছৰৰ ঊধবৰ্ৰ লোকলকলে যাতে কভিড ভেকচিন লোৱাৰ পৰা বাদ পৰি নাযায়, তাৰ বাবে মহানগৰ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা হাতত লৈছে৷ যোৱা বিধানসভাৰ নিৰ্বাচনৰ ভোটাৰ তালিকা অনুসৰণ কৰি BLO পৰ্যায়ৰ পৰা ছেক্টৰ, চাৰ্কোল আৰু জিলা পৰ্যায়ত প্ৰস্তুত কৰা হ’ব ভেক্‌চিন নোলোৱা লোকৰ তালিকা৷ এই তালিকাৰ ওপৰত ভিত্তি কৰিয়েই BLO সকলে ঘৰে ঘৰে গৈ অথবা ফোন কৰি কভিড ভেক্‌চিন নোলোৱাসকলৰ তালিকা প্ৰস্তুত কৰিব৷ ইয়াৰ পাছত ছুপাৰভাইজাৰ আৰু ARO সকলে ছেক্টৰ পৰ্যায়ত বিষয়টো চোৱা-চিতা কৰিব৷ প্ৰতিজন চক্ৰ বিষয়াৰ অধীনত এইদৰে প্ৰতিটো ৰাজহ চক্ৰত ভেক্‌চিন নোলোৱা লোকৰ সংখ্যা নিশ্চিত কৰি প্ৰথম পালি আৰু দ্বিতীয় পালি কভিড ভেক্‌চিন প্ৰদান কৰা হ’ব৷ উল্লেখ্য যে যোৱা ১৮ আগষ্টত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত লোৱা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here