ভয়ংকৰ তথ্য : ৰাজ্যলৈ নিষিদ্ধ ড্ৰাগ্‌ছ আহে কুৰিয়াৰ ছাৰ্ভিচত

0
462
যোৱা ১৩ আগষ্টৰ নিশা খাৰঘুলিৰ ডনবস্ক’ শিক্ষানুষ্ঠানৰ কাষত থকা ৰিভেইৰা নামৰ এটা এপাৰ্টমেণ্টৰ তৃতীয় মহলাত হোৱা ৰেভ পাৰ্টিৰ পৰা এতিয়া ওলাইছে ভয়ংকৰ তথ্য৷ ৰেভ পাৰ্টিত নিষিদ্ধ কোকেইন আৰু ভাগে ভাগে গাঞ্জাৰ সমাহাৰ দেখি আৰক্ষীয়ে সম্প্ৰতি জেৰা চলাই আছে ৰেভ পাৰ্টিৰ তিনি মূল অভিযুক্তক৷ এই জেৰাত ওলাইছে অসমলৈ সৰবৰাহ হোৱা নিষিদ্ধ ড্ৰাগ্‌ছৰ এক নতুন নতুন তথ্য৷ সম্প্ৰতি দক্ষিণ দিল্লীৰ পৰা অসমলৈ ড্ৰাগ্‌ছ সৰবৰাহ কৰাৰ এক তথ্য পোহৰলৈ আহিছে৷ আনহাতে এই সৰবৰাহ কোনো ব্যক্তিয়ে নকৰে, বৰঞ্চ বাণিজ্যিক ভিত্তিত ব্যৱহাৰ হোৱা কুৰিয়াৰ ছাৰ্ভিচক এই ড্ৰাগ্‌ছ সৰবৰাহকাৰীসকলে ব্যৱহাৰ কৰি আহিছে৷ আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি দক্ষিণ দিল্লীত বহু নাইজেৰিয়াৰ লোকে বসবাস কৰি আহিছে৷ এই নাইজেৰিয়াৰ নাগৰিকসকলে নিজে কোকেইন সেৱন কৰাৰ লগতে দেশৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছে৷ দক্ষিণ দিল্লীৰ পৰা অসমলৈও কুৰিয়াৰ ছাৰ্ভিচযোগে নিষিদ্ধ কোকেইন সৰবৰাহ হৈ আহিছে৷ আনহাতে অসম আহি পোৱাৰ পাছত কেইবাটাও সৰবৰাহকাৰী পক্ষই বিভিন্ন স্থানত এই কোকেইন সৰবৰাহ কৰে৷ আনহাতে আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগ্‌ছ সৰবৰাহ সন্দৰ্ভত বহু তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ ক’ৰ পৰা, কেনেকৈ অসমলৈ ড্ৰাগ্‌ছৰ সৰবৰাহ হৈ আহিছে আৰু এই সৰবৰাহ চক্ৰৰ সৈতে কোন কোন জড়িত হৈ আছে, সকলো তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here