ভাল খবৰ: দুমহীয়া শিশুৰ হৃদৰোগৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন

0
1312
এক জটিল ৰোগৰ চিকিৎসা তথা অস্ত্ৰোপচাৰ কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল তথা অসমবাসীৰ এক ভাল বতৰা লৈ আনিছে গুৱাহাটীৰ হায়াট ছুপাৰ স্পেচিয়েলিটি হাস্পতালে৷ উল্লেখ্য যে ডিব্ৰুগড়ৰ দুমহীয়া এটি শিশুৰ হঠাৎ হোৱা কাহ, জ্বৰ, চৰ্দি আৰু উশাহ-নিশাহৰ সমস্যা হোৱাত শিশুটিক প্ৰথমে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়৷ তাত শিশুটি জটিল ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰে৷ শিশুটিৰ হাওঁফাওঁৰ তেজ চলাচলত সমস্যাৰ লগতে শিশুটিৰ নিউম’নিয়াৰ পৰিমাণ বাঢ়ি যোৱাত সংকটজনক অৱস্থাত গুৱাহাটীৰ হায়াট হাস্পতালত ভৰ্তি কৰোৱায়৷ হায়াট হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক তথা হৃদশল্য ৰোগ বিশেষজ্ঞ ডাঃ সুৰোজ কুমাৰ প্ৰধানৰ নেতৃত্বত ডাঃ আবু ৰিয়াজ, ডাঃ কংকণ শৰ্মা, ডাঃ হৃষীকেশ ভৰালী আৰু শিশুৰোগ বিশেষজ্ঞ ডাঃ ডলি কলিতাৰ সহযোগত প্ৰায় তিনিঘণ্টাজোৰা অস্ত্ৰোপচাৰৰ অন্তত শিশুটিক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ সক্ষম হয়৷ চিকিৎসকৰ নেৰানেপেৰা প্ৰচেষ্টা আৰু অ’পেন হাৰ্ট ছাৰ্জাৰিৰ বাবেই শিশুটিৰ হৃদযন্ত্ৰ সম্পূৰ্ণ সুস্থ হোৱাৰ লগতে তেওঁৰ নিউম’নিয়াৰ পৰিমাণ কমি আহে৷ বৰ্তমান শিশুটি সম্পূৰ্ণ সুস্থ অৱস্থাত আছে৷ এনে সফলভাৱে অস্ত্ৰোপচাৰ কৰি শিশুটিক জীৱন দান দিয়াৰ বাবে শিশুটিৰ অভিভাৱকে ভগৱানস্বৰূপ চিকিৎসক, নাৰ্ছৰ লগতে হাস্পতাল কতৃৰ্পক্ষক ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যে এই অস্ত্ৰোপচাৰ অসম চৰকাৰৰ ‘স্নেহস্পৰ্শ’ আঁচনিৰ অধীনত সম্পন্ন হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here