Home Daily news বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?


বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে থাকে বহুতৰ বাবে৷ স্থানীয়ভাৱে বেকাৰীত উৎপাদিত তথা বিভিন্ন কোম্পানীৰ বিস্কুটেৰে আমি পুৱাৰ পৰা দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰোঁ৷ বিস্কুট ভেদে ইয়াৰ সোৱাদ সুকীয়া তথা মিঠা বা নিমখীয়া৷ একেদৰে ইয়াৰ ৰং তথা দেখিবলৈও বিভিন্ন আকাৰ বা আকৃতিৰ৷ কিন্তু এইবোৰৰ মাজতে এটা কথা মন কৰিছেনে বাৰু প্ৰতিখন বিস্কুটৰে গাত সৰু সৰু ছিদ্ৰ বা ফুটা থাকে৷ আপোনাকক বিস্কুটৰ গাত এই সৰু ফুটাবোৰনো কিয় থাকে, তাকে জনাব খুজিছোঁ৷
আচলতে প্ৰতিটো বস্তুৰ নেপথ্যত এটা কাৰণ থাকে৷ ঠিক একেদৰে বিস্কুটৰ গাত অসংখ্য ফুটা থকাৰ আঁৰতো আছে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ৷ কাৰখানাত বিস্কুট তৈয়াৰ হোৱাৰ সময়ত তাৰ গাত সৰু সৰু ছিদ্ৰ দেখা যায়৷ যদি এইদৰে বিস্কুটৰ গাত ফুটা ৰখা নহয়, তেতিয়াহ’লে বিস্কুটৰ আকৃতিয়ে সলনি হোৱাৰ সম্ভাৱনা বেছি৷ বিস্কুট প্ৰস্তুত কৰিবলৈ ময়দা, চেনি, নিমখ, ব্ৰেকিং ছ’ডা আদিৰ প্ৰয়োজন হয়৷ এইবোৰ একেলগে মিশ্ৰণ কৰি তাৰ পৰা কিছু মিশ্ৰণ লৈ বিস্কুটৰ নানা আকৃতি তথা গঠন দি তাৰ গাত সৰু সৰু ছিদ্ৰ কৰি দিয়ে৷ তাৰ পাছত এইবোৰ চুলা বা মেচিনত জুইত সেক দিয়া হয়৷ আচলতে যেতিয়া বিস্কুট বেক কৰা হয়, তেতিয়া বিস্কুটৰ গাত ফুটাৰ মাজেৰে বতাহ চলাচল কৰে৷ কাৰণ বিস্কুট প্ৰস্তুতৰ সময়ত মেচিনত কিছু বতাহ উৎপন্ন হয় আৰু এই বতাহখিনি বিস্কুটৰ ফুটাৰ মাজেৰে পাৰ হয় আৰু তেতিয়া বিস্কুটত আৱশ্যকীয় তাপ লাগি নষ্ট নোহোৱাকৈয়ে বিস্কুট উৎপন্ন হয়৷ যদি এই ফুটাবোৰ নাথাকে, তেতিয়া চুলাৰ এই তাপে বিস্কুটৰ লাগি ইয়াৰ আকৃতিয়ে সলনি কৰি দিব৷ যাৰ বাবে আপুনি পচন্দমতে দিয়া বিস্কুটৰ গঠন নাপায়৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...