প্ৰাণীজগতৰ বেছ সাহসী, বুদ্ধিমান প্ৰাণীবিধ কি জানেনে ?

0
60

প্ৰাণীজগতৰ ভিতৰত আটাইতকৈ বেছি সাহসী, বুদ্ধিমান তথা চালাক প্ৰাণী হিচাপে ধৰা হয় এই প্ৰাণীবিধক৷ ইংৰাজীত যাক কোৱা হয় comon coot৷ এই প্ৰাণীবিধৰ বৈজ্ঞানিক নাম হ’ল Fulica atra৷ আমি জনাত কালকূট পখী৷ ঠাইভেদে অৱশ্যে ইয়াৰ নাম সুকীয়াকৈ পৰিচিত৷ এই পখীবিধৰ ওঁঠটো বগা ৰঙৰ হোৱাৰ বাদে গোটেই শৰীৰটোৱে ক’লা ৰঙৰ হয় বাবে কালকূট বুলি কয়৷ ইয়াৰ শৰীৰৰ আকাৰ ৪০ চেণ্টিমিটাৰমান হয়৷ নেজডাল চুটি৷ এইবিধ প্ৰাণী সাধাৰণতে জলচৰ৷ ইহঁতে নিৰিবিলি পৰিৱেশ তথা বিল, জলাশয় আদি থাকিবলৈ বেছি পচন্দ কৰে৷ দলনিৰ মাজত বাস সাজে আৰু পানীৰ আন প্ৰাণীৰ সৈতে সমিলমিলেৰে থাকে৷ সাঁতোৰা তথা পানীত ডুব মৰাত এইবিধ প্ৰাণী সাংঘাতিক পাকৈত৷ হাঁহৰ দৰে পানীত ডুবিয়াই আনি মাছ, কীট-পতংগ আদি চিকাৰ কৰি খাদ্যবস্তু যোগাৰ কৰে৷ জানিব পৰা মতে এই প্ৰাণীবিধ সাংঘাতিক সাহসী আৰু বুদ্ধিমান৷ বছৰৰ আন ঋতুত এই প্ৰাণীবিধক বেছিকৈ দেখা নাযায় যদিও শীতকালত যথেষ্ট পৰিমাণে দেখা যায়৷ অৱশ্যে বিল-জলাশয় কমি অহাৰ লগে লগে এই প্ৰাণীবিধ বসবাসৰ ক্ষেত্ৰতো অস্তিত্বৰ সংকট নামি আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here