পাকঘৰৰ বেৰৰ পৰা তেল মছলাৰ দাগ কিদৰে গুচাব

0
29

ৰান্ধনীশালত ৰন্ধন কাৰ্য কৰাৰ পাছত গোটেই ঘৰটোৱে অপৰিষ্কাৰ হৈ পৰে৷ কেৰাহীত তেল মাৰোতে সেই তেল ছিটিকি গোটেই ৱাৰখনত লাগি ধৰি এটা তেলীয়া ভাবৰ সৃষ্টি হয়, বেৰত তেল-মছলাৰ দাগ লাগি দেখাত কুৎসিৎ দেখায়৷ এই দাগবোৰ তিতা কাপোৰেৰে মচিলেও এই দাগবোৰ নাযায়, বৰঞ্চ তেলীয়া ভাবটোৱে সিঁচৰতি হৈয়ে পৰে৷ এনে অৱস্থাত কি পদ্ধতি অৱলম্বন কৰি এই দাগবোৰ আঁতৰ কৰিব, সেয়া জানো আহক৷
ৰান্ধনী ঘৰৰ বেৰৰ তেল-মছলাৰ দাগ নোহোৱা কৰিবলৈ নেমুৰ ৰস ব্যৱহাৰ কৰিব পাৰে৷ বেৰৰ যি যি অংশত দাগৰ সৃষ্টি হয়, সেই ঠাইত নেমুৰ ৰস লগাই আধা ঘণ্টামানৰ পাছত ভিজা কাপোৰেৰে ভালদৰে মচি দিব৷ পাছত পৰিষ্কাৰ পানীৰে বেৰখন ধুই দিব৷ দেখিব বেৰৰ দাগবোৰ নোহোৱা হৈ গৈছে৷ ৰান্ধনী ঘৰৰ টাইলছৰ উপৰি বেৰ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত নেমুৰ ৰসে মুখ্য ভূমিকা লয়৷
ৰান্ধনী ঘৰৰ বেৰত তেল-মছলাৰ পৰা ছিটিকি পৰা দাগবোৰ গুচাবলৈ বেকিং ছ’ডা ব্যৱহাৰ কৰিব পাৰে৷ বেকিং ছ’ডাৰ সৈতে পানী মিহলাই এটা ঘন পেষ্ট প্ৰস্তুত কৰিব৷ এই পেষ্টটো বেৰৰ লগা দাগবোৰত ঘঁহি দিব৷ আধা ঘণ্টা পাছত ভিজা কাপোৰেৰে ভালদৰে মচি দিব৷ বেৰৰ থকা সকলো দাগ লাহে লাহে আঁতৰি বেৰখন পৰিষ্কাৰ হৈ পৰিব৷
বেকিং ছ’ডাৰ নিচিনা অলপমান পানীত কৰ্নফ্লাৱাৰ মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰিব৷ এই মিশ্ৰণটোৰে বেৰৰ লগা দাগবোৰৰ ভালদৰে ঘঁহি লৈ পাছত কাপোৰেৰে মচি দিব৷ দেখিব দাগবোৰ নোহোৱা হৈ গৈছে৷ ইয়াৰ উপৰি গৰম পানীৰ সৈতে বাচন মাজা তৰল চাবোন মিহলাই ৰান্ধনী ঘৰৰ বেৰ আৰু টাইলছ পৰিষ্কাৰ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here