Home Daily news দীপৰ বিলৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি

দীপৰ বিলৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি

ৰামচাই ছাইট খ্যাত দীপৰ বিলৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি বৰ্তমান ভাবুকি আহি পৰিছে৷ ৰাজ্যৰ বিল-জলাশয়সমূহলৈ অবাধ বেদখল আৰু ভয়াৱহ প্ৰদূষণে ভাবুলি কঢ়িয়াই আনিছে৷  তাৰ ভিতৰত দীপৰ বিলো অন্যতম৷ মহানগৰীৰ গাতে লাগি থকা দীপৰ বিলত বেদখলকাৰীৰ আগ্ৰাসনৰ লগতে গোটেই মহানগৰীৰ গেলা-পচা আৱৰ্জনাৰ দ’মে ভয়ানকভাৱে প্ৰদূষিত কৰি তুলিছে অঞ্চলটো৷ উক্ত অঞ্চলটোত ডাম্পিং গ্ৰাউণ্ডৰ আৱৰ্জনা জমা কৰাৰ ফলত ইয়াৰ পৰা ওলোৱা দুৰ্গন্ধ আৰু ইয়াৰ ফলত হ’ব পৰা ৰোগৰ বীজাণুৱে আতংকৰ সৃষ্টি কৰিছে৷ আনহাতে বেদখলকাৰীৰ আগ্ৰাসনৰ ফলত ইয়াৰ আদ্ৰৰ্ভূমি ক্ৰমান্বয়ে হ্ৰাস হৈ অহাত ইয়াত বাস কৰা জীৱকুলৰ প্ৰতি ভাবুকি আহিছে৷ ইয়াৰ প্ৰদূষণ আৰু অবাধ ভূমি এচাম লোকৰ আগ্ৰাসনৰ ফলত পৰিভ্ৰমী চৰাইৰ সংখ্যা প্ৰতিবছ} অভাৱনীয়ভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ আগতে দীপৰ বিল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ২৭০ বিধ বিভিন্ন প্ৰজাতিৰ পক্ষী দেখিবলৈ পোৱা গৈছিল যদিও বৰ্তমান সময়ত ইয়াৰ আধাও পক্ষী দেখিবলৈ পোৱা নাযায়৷ শেহতীয়াভাৱে তথ্য অনুসৰি ইয়াৰ জৰীপ কৰাত ৫৪টা পানীডুবি চৰাই, ৭৭টা দেও ৰাজহাঁহ, ১৫টা ধৃতৰাজ, ২৫টা চাকৈ চকোৱা, চ্ছ্ৰটা ধিলা হঁাহ, ১১৯টা পানী কাউৰী, ৩টা হাড়ঘিলা, ৩৮টা মণিয়ৰী, চ্ছ্ৰটা বৰবগ, ১৬টা আজান, জ্জটা ইটাগুড়ীয়া, ২০৪টা কাম চৰাই, ৩টা ডাউক, চ্ছ্ৰটা বালিঘোঁৰা, ১২টা মাছৰোকা, ৫৫টা চিলনী, ৰটা শেন, ৩টা মইনা, ২৭টা দলমৌৰা, এটা গঙাচিলনী, ২২টা দলপোঙা, চ্ছ্ৰটা ৰামপাৰ, ১০টা কাণকুৰিকা, ৩টা বালি খোঁচৰা আদি পোৱা গৈছে৷  দুই দশক পূৰ্বে প্ৰায় দুই শতাধিক বিভিন্ন পক্ষীৰ মাত্ৰ ৬৬টা প্ৰজাতিৰ পক্ষীহে জৰীপত পোৱাত উক্ত বিষয়টো বিশেষ চৰ্চা লাভ কৰিছে৷ এই ভয়ংকৰ তথ্যই বিভিন্ন প্ৰকৃতিপ্ৰেমী দল-সংগঠন হতবাক কৰি তুলিছে আৰু দীপৰ বিলৰ সংৰক্ষণ আৰু ইয়াত হোৱা প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...