খাদ্যৰ সৈতে থাইৰয়েডৰ সম্পৰ্ক কিদৰে জড়িত?

0
36

বেয়া থাইৰয়েডৰ কাৰ্যকাৰিতা ইতিবাচক বা নেতিবাচক দুই ধৰণে প্ৰভাৱিত কৰে৷ থাইৰয়েড হৰমনৰ উৎপাদন আৰু নিয়ন্ত্ৰণৰ বাবে আয়ডিন, ছেলেনিয়াম, জিংক আৰু আইৰনৰ দৰে গুৰুত্বপূৰ্ণ পুষ্টি উপাদান অপৰিহাৰ্য৷ থাইৰয়েড হৰমনৰ সংশ্লেষণত আয়ডিন অত্যন্ত গুৰুত্বপূৰ্ণ৷ ইয়াৰ অভাৱ হ’লে হাইপোথাইৰয়েডিজম বা গলগোণ্ড ৰোগৰ কাৰণ হ’ব পাৰে৷ অতিৰিক্ত খাদ্য গ্ৰহণে থাইৰয়েডৰ কাৰ্যকাৰিতা ব্যাহত কৰিব পাৰে৷ বিশেষকৈ যিসকলৰ থাইৰয়েডৰ সমস্যা আছে৷ টি৪ হৰমনৰ আৰু সক্ৰিয় টি৩লৈ ৰূপান্তৰিত কৰাত সহায় কৰে ছেলেনিয়ামে৷ ইয়াৰ উপৰি এণ্টিঅিক্সডেণ্ট বৈশিষ্ট্যৰ জৰিয়তে থাইৰয়েডৰ ৰক্ষা কৰাত সহায় কৰে৷ ছেলেনিয়ামৰ অভাৱ বা বৃদ্ধি দুয়োটাই ক্ষতিকাৰক৷ জিংক হৰমনৰ সংশে¡ষণ আৰু ৰূপান্তৰৰ ভূমিকা পালন কৰে আৰু ইয়াৰ নাটনিৰ ক্ষেত্ৰত হাইপোথাইৰয়েডিজমে অৱদান যোগাব পাৰে৷ হৰমন উৎপাদনৰ উপৰি যুক্ত নহ’লেও আইৰন থাইৰয়েডৰ কাৰ্যকাৰিতা সমৰ্থন কৰে৷ ইয়াৰ অভাৱ হ’লে হাইপোথাইৰয়েডিজমৰ লক্ষণবোৰ আৰু প্ৰভাৱিত কৰিব পাৰে৷ কিছুমান খাদ্য উপাদানে থাইৰয়েডৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে৷ ক্ৰুচিফেৰাছ শাক-পাচলি যেনে– বন্ধাকবি, ব্ৰকলি, কল আদি হ’ল গয়টাৰোজেনিক, যিয়ে গলগণ্ড বঢ়ায়৷ সেয়ে এইবোৰ খাদ্যই গলগণ্ডৰ প্ৰভাৱ উল্লেখযোগ্যভাৱে হ্ৰাস কৰে৷ ছয়া প্ৰচুৰ পৰিমাণে খালে থাইৰয়েড হৰমনৰ উৎপাদন আৰু শোষণত ব্যাঘাত ঘটাব পাৰে৷ বিশেষকৈ যিসকলৰ আয়ডিনৰ মাত্ৰা কম বা থাইৰয়েডৰ সমস্যা আছে৷ উচ্চ ফাইবাৰযুক্ত খাদ্যই লেভোথাইৰক্সিন শোষণক প্ৰভাৱিত কৰিব পাৰে৷ সেয়ে উচ্চ ফাইবাৰযুক্ত খাদ্য গ্ৰহণৰ আগেয়ে খালী পেটত ঔষধ গ্ৰহণ কৰা উচিত৷ প্ৰক্ৰিয়াজাত খাদ্য, অস্বাস্থ্যকৰ চৰ্বি আৰু চেনিযুক্ত খাদ্যই প্ৰদাহ বৃদ্ধি কৰিব পাৰে. যিয়ে অটোইমিউন থাৰিয়েডৰ সমস্যাক আৰু জটিল কৰি তুলিব পাৰে৷ কিছু কিছুৱে অটোইমিউন প্ৰোটোকল খাদ্য গ্ৰহণ কৰে বাবে তেওঁলোকৰ কাৰণে পেচাদাৰ তত্ত্বাৱধানৰ প্ৰয়োজন৷ নিৰামিষভোজীৰ খাদ্যক লৈ যি পৰিকল্পনা কৰা হয়, তেতিয়া পৰ্যাপ্ত পৰিমাণে আয়ডিন, ছেলেনিয়াম, জিংক আৰু আইৰন গ্ৰহণ নিশ্চিত কৰা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here