কিডনীৰ অসুখৰ কথা কি কি লক্ষণ দেখিলে বুজিব

0
29

কিডনীৰ প্ৰতিটো কামৰ এটাও যদি যথাযথভাৱে সম্পন্ন নহয়, তেতিয়াহ’লে শৰীৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰিব পাৰে৷ যাৰ চিকিৎসা সঠিক সময়ত নহ’লে ৰোগীৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে৷ সেয়ে কিডনীৰ স্বাস্থ্য ক্ষেত্ৰত যথেষ্ট সতৰ্ক থকাৰ প্ৰয়োজন বুলি চিকিৎসকে মত প্ৰকাশ কৰিছে৷ শৰীৰ সুস্থ কৰি ৰখাৰ বাবে অতি জৰুৰী কেইবাটাও কাম কিডনীৰ দ্বাৰা সম্পন্ন হয়৷ শৰীৰৰ বিষাক্ত পদাৰ্থ বা বৰ্জ্যৰ বাহিৰ কৰি শৰীৰত পানীৰ মাত্ৰা সঠিক ৰাখে৷ তেজৰ লোহিত ৰক্তকণিকা প্ৰস্তুতত সহায়কাৰী হৰমন নিঃসৰণ আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে কিডনীয়ে৷ শৰীৰত পানীৰ অভাৱ হ’বলৈ নিদিয়া তথা নিয়মিত ব্যৱধানত তেজৰ পৰীক্ষা কৰি কিডনীৰ স্বাস্থ্য ধৰি ৰখা দৰকাৰ৷ শৰীৰৰ কি পৰিৱৰ্তন হ’লে অথবা কিসমূহ লক্ষণে দেখা দিয়ে কিডনীৰ অসুখ হোৱাটো বুজিব৷
কিডনীৰ সমস্যাৰ প্ৰথম উপসৰ্গ বুজা যায় প্ৰস্ৰাৱৰ জৰিয়তে৷ সেইবোৰ হ’ল–
নিশাৰ ভাগত কেইবাবাৰো প্ৰস্ৰাৱ লগা, ঘনে ঘনে ৰাতি প্ৰস্ৰাৱ লগাটো কিডনীজনিত সমস্যাৰ প্ৰথম লক্ষণ৷
আনহাতে সাধাৰণতে দিনত যিমানবাৰ প্ৰস্ৰাৱ কৰে, তাতকৈ বেছি কৰিলে সাৱধান হ’ব৷
প্ৰস্ৰাৱ অত্যধিক ফেলালে বা প্ৰস্ৰাৱত অত্যধিক ফেন ওলালে শৰীৰৰ পৰা প্ৰ’টিন বাহিৰ হয় অৰ্থাৎ কিডনীয়ে সঠিকভাৱে কাম কৰিবলৈ অসমৰ্থ হয়৷
প্ৰস্ৰাৱৰ ৰং পাতল ক’লা বৰণীয়া বা গোলাপী ৰঙৰ হ’লে কিডনীৰ সমস্যা আৰম্ভ হ’ব পাৰে৷
কিডনীয়ে সঠিকভাৱে কাম নকৰিলে পানী বা নিমখ বাহিৰ কৰিব নোৱাৰে৷ ফলত শৰীৰত পানী জমা হয় আৰু কোনো কোনো অংশ ফুলি উঠে৷ ভৰিৰ পতা, গোৰোহা. চকুৰ চাৰিওফাল আদি ফুলি উঠিলে সাৱধান হোৱা ভাল৷
কিডনীত আক্ৰান্ত হ’লে লোহিত ৰক্ত কণিকা তেজত অক্সিজেন সঞ্চালন কৰি কামত ব্যাঘাত জন্মায়৷ যাৰ ফলত ক্লান্তিভাব, শাৰীৰিক দুৰ্বলতাই দেখা দিব পাৰে৷
কিডনীয়ে কেলচিয়াম, ফচফৰাছৰ দৰে খনিজৰ ভাৰসাম্য বজাই ৰাখে৷ এই উপাদান নষ্ট হ’লে পেশীৰ ওপৰত প্ৰভাৱ পৰে৷ পেশীৰ বিষ হ’ব পাৰে৷
যদি কিডনীৰ সমস্যা গুৰুতৰ হয়, তেনেহ’লে শ্বাসকষ্টত সমস্যা হ’ব পাৰে৷ শ্বাসকষ্টৰ উপৰি বুকুৰ বিষ, বুকুত চাপ পৰাৰ দৰে সমস্যাও হ’ব পাৰে৷
কিডনীৰ সমস্যা হ’লে ৰক্তচাপ বাঢ়িব পাৰে৷ ছালৰ যিকোনো অংশৰ খজুৱতিৰ দৰে অস্বস্তিকৰ ঘটনা হ’ব পাৰে৷ কিডনী ভালে নাথাকিলে অনীহাৰ দৰে সমস্যাৰো সৃষ্টি হ’ব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here