অ’মিক্ৰনৰ সংক্ৰমণ ডেল্টাতকৈ ৭০ গুণে অধিক || Omicron spreads 70 times faster than Delta

0
535
ভাৰতত কভিডৰ নতুন প্ৰকৰণ অ’মিক্ৰনৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে৷ দক্ষিণ আফ্ৰিকাত প্ৰথমে চিনাক্ত হোৱা অ’মিক্ৰনক লৈ সমগ্ৰ বিশ্ববাসী এতিয়া শংকিত হৈ পৰিছে৷ সেয়েহে ভাৰতকে ধৰি আন আন ৰাষ্ট্ৰসমূহেও কভিড প্ৰট’কল কঠোৰভাৱে বলৱৎ কৰিছে৷ বিশেষকৈ আন্তৰ্জাতিক যাত্ৰীৰ ক্ষেত্ৰত কভিড-১৯ৰ নীতি-নিয়ম কঠোৰভাৱে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই অ’মিক্ৰনক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছে আৰু নতুন প্ৰকৰণটোক ৰুধিবলৈ দেশ-বিদেশৰ গৱেষক-বিজ্ঞানীসকলে গৱেষণা আৰম্ভ কৰিছে৷ বিজ্ঞানীসকলে অ’মিক্ৰনৰ সংক্ৰমণৰ তীব্ৰতা অধিক বুলি প্ৰকাশ কৰিছে৷ শেহতীয়াভাৱে হংকং বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলে কভিডৰ নতুন প্ৰকৰণ অ’মিক্ৰন ডেল্টাতকৈ ৭০ গুণ দ্ৰুততাৰে সংক্ৰমিত হয় বুলি মত প্ৰকাশ কৰিছে৷ তেওঁলোকে দাবী কৰিছে যে ডেল্টা প্ৰকৰণতকৈ অধিক সংক্ৰমিত আৰু অতি দ্ৰুততাৰে সংক্ৰমিত হয় অ’মিক্ৰন৷ বিশ্ববিদ্যালয়খনৰ সহযোগী অধ্যাপক মাইকেল ছান ছি ৱেই প্ৰকাশ কৰে যে মানৱদেহৰ হাঁওফাঁওত ডেল্টাতকৈ অধিক দ্ৰুত গতিত অ’মিক্ৰন সংক্ৰমিত হয়৷ অ’মিক্ৰন সংক্ৰমণৰ ২৪ ঘণ্টাৰ পাছতেই ডেল্টাতকৈ ৭০ গুণ দ্ৰুত গতিত প্ৰসাৰিত হয়৷  আনহাতে দেশত অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা ৭৭ গৰাকীলৈ বৃদ্ধি পাইছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত কভিডত নতুনকৈ চিনাক্ত হৈছে ৭৯৭৪ ৷  ৰাজধানী দিল্লীত যোৱা ১৬ ডিচেম্বৰত অ’মিক্ৰনত চাৰিজন লোক আক্ৰান্ত হয় ৷ ইয়াৰ লগে লগে ৰাজ্যখনত অ’মিক্ৰনত মুঠ আক্ৰান্তৰ সংখ্যা ১০ গৰাকীলৈ বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here